মৰিগাঁৱৰ সাংবাদিক আক্ৰমণৰ সংক্ৰান্তত মৈৰাবাৰী সাংবাদিক সন্থা আৰু বেছামাৰী প্ৰেছ ক্লাৱৰ যৌথ প্ৰতিবাদ
মৈৰাবাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিন পূৰ্বে মৰিগাঁও জিলাৰ ভূৰবন্ধা গাঁও পঞ্চায়তত চৰকাৰী আবাস গৃহৰ নামত হোৱা কেলেংকাৰী উদঙাই দিয়া মৰিগাঁৱৰে এগৰাকী সাংবাদিকক ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রীৰ স্বামীয়ে শাৰিৰীক আক্ৰমণ কৰিছিল।উক্ত আক্ৰমণত সাংবাদিক গৰাকী গুৰুতৰ বাবে আঘাতপ্ৰাপ্ত হৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হবলগীয়া হৈছিল।সমগ্ৰ ঘটনাটোয়ে বৰ্তমান মৰিগাঁও জিলা খনৰ সাংবাদিক মহলত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।উল্লেখযোগ্য যে মৰিগাঁও প্ৰশাসনে সাংবাদিক গৰাকীক আক্ৰমণকাৰী বিজেপি নেতা তথা ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রীৰ স্বামী ৰাজীৱ ডেকাক আটক কৰিছিল যদিও সহজতে সোধ-পোচ কৰিয়ে মোকলাই দিছিল।সাংবাদিক গৰাকীৰ ভাষ্য অনুসৰি ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রী আৰু পঞ্চায়ত সচিবই তেওঁক পূৰ্ব পৰিকল্পিত বাবে পঞ্চায়ত কাৰ্যালয়ত মাতি আনি এনেদৰে শাৰীৰিক আক্ৰমণ কৰিছিল।সেই ঘটনাৰ প্ৰৰিপ্ৰেক্ষিতত আজি মৈৰাবাৰী সাংবাদিক সন্থা আৰু বেছামাৰী প্ৰেছ ক্লাৱে একত্ৰিত বাবে মৈৰাবাৰী বজাৰৰ মাজ মজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।হাতে হাতে প্লে কাৰ্ড লৈ সাংবাদিক গৰাকীক আক্ৰমণ কৰা সকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনৰ ওচৰত দাবী জনায়।আনহাতে শূণ্য সহনশীল নীতিৰ শ্লোগানেৰে চৰকাৰ গঠন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্ন সভা সমিতিত মুকলিকৈ ঘোষণা কৰিছিল যে যতেই দূৰ্নীতি হ’ব তাতেই মই বাঘৰ দৰে জপিয়াই পৰিম গতিকে ভূৰবন্ধা গাওঁ পঞ্চায়তত সংগঠিত হোৱা এনে বিয়াগোম দূৰ্নীতিৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত বিচাৰিছে পঞ্চায়তৰ অধীনস্থ ৰাইজে। সাংবাদিক পুলিন কাকতিৰ ওপৰত চলা এনে বৰ্বৰ আক্ৰমণৰ উচিত তদন্ত বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনায় প্ৰতিবাদী সাংবাদিক সকলে।