মৰবি দলং দুৰ্ঘটনাৰ বাবে পৌৰসভাৰ মুখ্য বিষয়াক নিলম্বন

Pc NDTV.com

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাট চৰকাৰে মৰবি দলং দুৰ্ঘটনাত ১৩৫ জন লোকৰ কৰুণ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত মৰবি পৌৰসভাৰ মুখ্য বিষয়া সন্দিপসিন জালাক নিলম্বন কৰে।  উক্ত বিষয় সন্দৰ্ভত মৰবি জিলা উপায়ুক্তই কয় যে, “ৰাজ্যৰ নগৰ উন্নয়ন বিভাগে মৰবি পৌৰসভাৰ মুখ্য বিষয়া সন্দীপসিন জালাক নিলম্বন কৰিছে।” ইয়াৰ পূৰ্বে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে গুজৰাটৰ মৰবি দলং খহি পৰা স্থান পৰিদৰ্শন কৰে। লগতে, প্ৰধানমন্ত্ৰী গৰাকীয়ে মাচ্ছু নদীৰ দলং খহি পৰা স্থানত উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত লোকসকলক সাক্ষাৎ কৰে আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে আহতসকলক সাক্ষাৎ কৰিবলৈ মৰবি অসামৰিক চিকিৎসালয়লৈও যায়।