ৰাজ্য চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেন্টছৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেন্টছৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যৰ মেডিকেল কলেজসমূহৰ আন্তঃগাঁথনি মজবুত কৰাৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন হয়।য়। গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে সহায় কৰে ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে। উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, “২০২৪ বৰ্ষৰ ভিতৰত গুৱাহাটীত প্ৰাগজ্যোতিষ নামেৰে দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব আৰু শিক্ষাৰ্থীসকলৰ পাঠদান আৰম্ভ কৰা হ’ব। লগতে আগন্তুক ৫ বছৰৰ ভিতৰত ৰাজ্যত ২৪ খন নতুন মেডিকেল কলেজ নিৰ্মাণ কৰা হ’ব। য’ত ২৭০০ গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে চিকিৎসক হোৱাৰ সপোন পূৰণ কৰিব পাৰিব।” মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাত ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে আগতীয়াকৈ ৫ কোটি টকা প্ৰদান কৰে। উল্লেখযোগ্য যে ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ বাবে ১৫০ কোটি টকা দিব। প্ৰাগজ্যোতিষ মেডিকেল কলেজ নামেৰে গুৱাহাটীত হ’বলগীয়া দ্বিতীয়খন মেডিকেল কলেজ ২০২৪ চনৰ ভিতৰত শুভাৰম্ভ কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা সভাত ব্ৰাইট ষ্টাৰ ইনভেছমেন্ট প্ৰাইভেট লিমিটেডৰ হৈ প্ৰমোটাৰ ৰাধাকৃষ্ণ ডামানি উপস্থিত আছিল।