আধাৰ কাৰ্ড অবিহনে চিকিৎসালয়ত ভৰ্তি নকৰাত যমজ সন্তানসহ মাতৃৰ মৃত্যু

Pc Hindustan Times

ৰঙিলী বাৰ্ত্তাসেৱা–  কৰ্ণাটকৰ টুমকুৰ জিলাৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে য’ত এগৰাকী গৰ্ভৱতী মহিলাক আধাৰ কাৰ্ড নোহোৱা বাবে চৰকাৰী চিকিৎসালয়ত ভৰ্তি নকৰাত মহিলাগৰাকী ঘৰলৈ ঘূৰি আহিব লগা হয়। পিছত মহিলাগৰাকীয়ে ঘৰতে যমজ সন্তান জন্ম দিয়ে যদিও মহিলাগৰাকীৰ লগতে দুয়োটা নৱজাতকৰ মৃত্যু হয়।  বৰ্তমান, কৰ্ণাটকৰ টুমকুৰ জিলাৰ চৰকাৰী ব্যৱস্থাপ্ৰণালীৰ পয়ালগা অৱস্থাই মানৱতাক লজ্জানত কৰিছে। স্থানীয় লোকসকলৰ মতে, কস্তুৰী নামৰ ৩০ বছৰীয়া গৰ্ভৱতী মহিলাগৰাকীৰ বুধবাৰে সন্ধিয়া প্ৰসৱ বেদনা আৰম্ভ হয়, স্থানীয় লোকসকলে কিছু ধন গোটাই কস্তুৰীক এখন অটো ৰিক্সাৰে ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ লৈ যায়, কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই কেৱল প্ৰসূতি কাৰ্ড আৰু আধাৰ কাৰ্ড নথকাৰ বাবে ভৰ্তি নকৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পিছত মহিলাগৰাকী ঘৰলৈ উভতি যায় আৰু ঘৰত সন্তান দুটা জন্ম দিব লগা হয়। ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা, কস্তুৰী আৰু যমজ সন্তানদুটিৰ মৃত্যু হয়। ঘটনাটোৰ দৃষ্টিগোচৰ হোৱাৰ পিছত জিলা প্ৰশাসনে পদক্ষেপ লৈছে। স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসহ আৰক্ষী কস্তুৰীৰ ঘৰত উপস্থিত হৈছে। আনহাতে, জিলা স্বাস্থ্য বিষয়াই সেই সময়ত কৰ্তব্যৰত চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে। ইয়াৰ লগতে, সমগ্ৰ ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।