ক্ৰমাৎ অৱনতি ঘটিছে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ

ক্ৰমাৎ অৱনতি ঘটিছে চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ক্ৰমাৎ অৱনতি ঘটিছে খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ৷ বিগত ২১ ছেপ্টেম্বৰত হঠাত অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী ৷ তথ্য অনুসৰি, কেবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২১ ছেপ্টেম্বৰৰ মাজনিশা তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।  তেতিয়াৰে পৰাই আই চি উত চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী । কিন্তু বৃহস্পতিবাৰৰ পৰা পূৰ্বৰ তুলনাত স্বাস্থ্য অধিক অৱনতি ঘটে ৷ জানিব পৰা মতে, কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস লৈ আছে চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৷ চিত্ৰশিল্পীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰি এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰিয় চিত্ৰশিল্পীগৰাকীৰ আশুৰোগ্য কামনাৰ্থে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেওঁৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁওবাসীও নেদেখাজনৰ শৰণাপন্ন হৈছে ৷