প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ

Pc The Hindu

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২৭ অক্টোবৰত মস্কোস্থিত থিংক টেংক ভালডাই ডিচকাচন ক্লাবত বাৰ্ষিক ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বতন্ত্ৰ বৈদেশিক নীতিক প্ৰশংসা কৰে। তেওঁ কয় যে”প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বহু কাম কৰা হৈছে। তেওঁ নিজৰ দেশৰ এজন দেশপ্ৰেমিক। তেওঁ লগতে কয়, তেওঁৰ ‘মেক ইন ইণ্ডিয়া’ ধাৰণা অৰ্থনৈতিক দিশত আৰু নৈতিকতা দুয়োটা দিশতে গুৰুত্বপূৰ্ণ।ভৱিষ্যত ভাৰতৰ, এই কথাৰ বাবে গৌৰৱান্বিত হ’ব পাৰে যে ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ।”