নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ভূপেন বৰাৰ

Pc Times of India

নিপন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ ভূপেন বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  যশস্বী অভিনেতা , অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী দেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। শ্ৰীবৰাই কয় যে নিপন গোস্বামী দেৱৰ দৰে এগৰাকী ব্যতিক্ৰমী অভিনেতাৰ মৃত্যুৰ খবৰে তেওঁক অতিকে মৰ্মাহত কৰিছে। অসমীয়া চলচ্চিত্ৰক দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ সংগ্ৰামত অবিৰত যুঁজ দিয়া সকলৰ মাজত অন্যতম আছিল এই নিপন গোস্বামী দেৱ। তেওঁৰ এই মৃত্যুৱে অসমীয়া চলচ্চিত্ৰ আৰু সামগ্ৰিকভাৱে অসমৰ সাংস্কৃতিক জগতখনলৈ অপূৰণীয় ক্ষতি নমাই আনিলে। “সংগ্ৰাম” ৰ পৰা “শেষ অঙ্গীকাৰ” ৰ লৈকে বহু কেইখন চলচ্চিত্ৰত বৈচিত্ৰপূৰ্ণ অভিনয়ৰ বাবে আমাৰ মাজত চিৰস্মৰণীয় হৈ ৰ’ব নিপন গোস্বামী৷ সভাপতি শ্ৰীবৰাই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গ আৰু গুণগ্ৰাহী সকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।