নীতিনিষ্ঠ ৰাজনীতিৰ পুৰোধা বৈদ্যনাথ বৰপূজাৰীক শতবৰ্ষত স্মৰণ

নীতিনিষ্ঠ ৰাজনীতিৰ পুৰোধা বৈদ্যনাথ বৰপূজাৰীক শতবৰ্ষত স্মৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- একাধাৰে বিশিষ্ট স্বাধীনতা সংগ্ৰামী, আইনবিদ, শিক্ষক, ক্ৰীড়াবিদ তথা সমাজসেৱী বৈদ্যনাথ বৰপূজাৰীৰ জন্ম শতবৰ্ষ অনুষ্ঠানটি দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বৰপূজাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে শুভাৰম্ভ হোৱা সভাত লেখিকা এলি আহমেদ, নাজিৰা কলেজৰ প্ৰাক্তন অধ্যক্ষ অৱনী বৰঠাকুৰ, প্ৰাক্তন প্ৰশাসনিক বিষয়া স্বপ্ননীল বৰুৱা, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰা, অধিবক্তা অৰূপ বৰবৰা, প্ৰাক্তন ন্যায়াধীশ ভূপেন্দ্ৰ নাথ শৰ্মা, লেখক সঞ্জীৱ সভাপণ্ডিত, ৰবীন কলিতা, ৰাজনীতিক কিৰিপ চলিহাই ভাষণ প্ৰদান কৰে। দেশৰ স্বাধীনতা লাভৰ পাছৰ পৰাই সমাজবাদী চিন্তাৰে ৰাজনৈতিক ক্ষেত্ৰত জড়িত হৈ সমাজৰ বাবে সেৱা কৰি যোৱা প্ৰয়াত বৰপূজাৰীৰ জীৱন আৰু কৰ্মৰ খতিয়ান আগবঢ়ায় প্ৰতিজন বক্তাই। ৰাজশ্ৰী শৰ্মাই আঁত ধৰা সভাত বিকাশজ্যোতি বৰুৱা সম্পাদিত ’বৈদ্যনাথ বৰপূজাৰী’ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। সভাত দীপশিখা ফাউণ্ডেচনৰ শিল্পীসকলৰ লগতে ৰবীন কলিতাই সংগীত পৰিৱেশন কৰে।