ৰমেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল

PC - Moderm School

ৰমেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-গুৱাহাটী বিশ্ববিদ্যালয় আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষক তথা অৱসৰপ্ৰাপ্ত উপ প্ৰধান শিক্ষক প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মাৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী৷ ৰমেশ চন্দ্ৰ শৰ্মালৈ সুৰজিৎ একাডেমী পৰিয়াল আৰু নেচনেল কাউন্সিল অৱ টিচাৰ ছাইণ্টিষ্ট, অসমৰ পৰা আজি ৰাতিপুৱা তেওঁৰ ৮৭ সংখ্যক জন্ম বাৰ্ষিকী আয়োজন কৰি সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি জনায় । অসমৰ স্বনামধন্য কৃতি শিক্ষকজনৰ জন্মবাৰ্ষিকী উপলক্ষে অসমৰ সাংস্কৃতিক ও বিজ্ঞান প্ৰযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমী আৰু নেচনেল কাউন্সিল অৱ টিচাৰ ছাইণ্টিষ্ট, অসমৰ সৌজন্যত ৰাষ্ট্ৰীয় পৰ্যায়ত এখনি প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ।  প্ৰতিযোগিতা দুটা শাখাত বিভক্ত আছিল ’ক’ শাখা প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ আৰু ’খ’ শাখা পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আছিল । ’ক’ শাখাৰ বিষয় ’বন ৰক্ষা কৰক আৰু জীৱন ৰক্ষা কৰক’ আৰু ’খ’ শাখাৰ বিষয় ’আত্মনিৰ্ভৰ ভাৰত’ । দুয়োটা শাখাত প্ৰায় ছয় শতাধিকৰো অধিক প্ৰতিযোগী অনলাইনৰ জৰিয়তে চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰাপ্ত শিশু সকল হৈছে ’ক’ শাখাত প্ৰথম স্থান হনিস্কা শৰ্মা (একচেল পাব্লিক স্কুল ), দ্বিতীয় স্থান : বৃন্দলক্ষ্মী এম (মাথুভাদ এল পি স্কুল, কেৰেলা), তৃতীয় স্থান পাইছে বিশ্ব প্ৰতীম ভূঞা (এন্টনি এল পি স্কুল, শ্বিলং) আৰু ’খ’ শাখাত প্ৰথম স্থান  আইৰা আলভি (এছ এম এছ দত্ত মেমৰিয়েল নসেগায় পাব্লিক স্কুল, উত্তৰ প্ৰদেশ), দ্বিতীয় স্থান: গীতাৰ্থ প্ৰতীম দাস (দিল্লী পাব্লিক স্কুল, গুৱাহাটী) আৰু তৃতীয় স্থান পাইছে হৃশিতা দাস (এচটি জেভিয়াৰ স্কুল)।