ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰি থকাৰ মাজতেই মৃত্যু হয় এজন যুৱকৰ

Pc Deccan Herald

ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰি থকাৰ মাজতেই মৃত্যু হয় এজন যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- টী২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেলখনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিলেও যথেষ্ট ৰোমাঞ্চকৰ আৰু শ্বাসৰুদ্ধকৰ আছিল খেলখন। ভাৰতৰ বিজয় উল্লাসৰ মাজতে সংঘটিত হৈছে এটি শোকাৱহ ঘটনা। শিৱসাগৰৰ ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত সংঘটিত হৈছে এক অঘটন। ভাৰত-পাকিস্তানৰ ৰোমাঞ্চকৰ খেল উপভোগ কৰি থকাৰ মাজতেই মৃত্যু হয় এজন যুৱকৰ। ভাৰতে বেটিং কৰি থকা অৱস্থাত, চৰম উত্তেজনাপূৰ্ণ শেষৰটো অভাৰত চকীৰ পৰা উঠি চিঞৰ মাৰিছিল বিতু গগৈয়ে। তাৰপিছত, হঠাৎ বুকুত ধৰি হলৰ ভিতৰতে বহি পৰিছিল যুৱকজন। তাৰপিছত ততাতৈয়াকৈ যুৱকজনক জয়সাগৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় বিতু গগৈৰ।