পোহৰৰ উৎসৱ দীপাৱলী – ৰাজলক্ষ্মী বৰঠাকুৰ

PC - Prabhat Khabar

পোহৰৰ উৎসৱ দীপাৱলী

দীপাৱলী বা দেৱালী হৈছে পোহৰৰ উৎসৱ। প্রতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ অত্যন্ত জনপ্রিয় আৰু ই “অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ , বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়” ক প্রতিনিধিত্ব কৰে। দেৱালী সমগ্র দক্ষিণ এছিয়াত উলহ -মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষ ভাৱে জনপ্রিয় । ভাৰতৰ ভিন -ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। দেৱালী দূৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। এই উৎসৱ পালনৰ কেইবাটাও আখ্যান পোৱা যায়। লোক বিশ্বাস অনুসৰি দীপাৱলী হল ভগৱান ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাসৰ অন্তত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি যেতিয়া অযোধ্যাত প্রৱেশ কৰিছিল, তেতিয়া ৰামচন্দ্ৰৰ আগমনৰ আনন্দত সমগ্র অযোধ্যাবাসীয়ে ঘৰে ঘৰে বন্তি জ্বলাই চৌদিশ আলোকময় কৰি ৰামচন্দ্ৰক আদৰণি জনাইছিল আৰু তেতিয়াৰ পৰাই সেই দিনটোত দীপাৱলীপালন কৰা হয়। আকৌ অন্য এটা প্রবাদমতে দ্বাপৰ যুগত বৰাহৰূপী বিষ্ণু আৰু বসুমতীৰ পুত্র নৰকাসুৰে সৰগ আক্ৰমণ কৰি দেৱতাসকলৰ সৰ্বস্ব কাঢ়ি আনিলে। কোনো শক্তিৰে অসুৰক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্র শ্ৰীকৃষ্ণৰ শৰণাপন্ন হয় । ভকতবৎসল ভগৱন্তই ভকতৰ দুখ দূৰ কৰি নৰকাসুৰক নিধন কৰিলে। অসুৰ নাশ হোৱা বাবে তিনিওলোকতে চাকি জ্বলাই আনন্দ উৎসৱ কৰিছিল। প্রবাদমতে তেতিয়াৰ পৰাই দীপাৱলী পালন কৰা হয়।

শেষত সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয়, গোলাঘাট