কৰ্ণাটকৰ উপাধ্যক্ষ আনন্দ মামণিৰ ৫৬ বছৰ বয়সত দেহাৱসান

Pc Hindustan Times

কৰ্ণাটকৰ উপাধ্যক্ষ আনন্দ মামণিৰ ৫৬ বছৰ বয়সত দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ্ণাটকৰ উপাধ্যক্ষ আনন্দ মামণিৰ (৫৬) শনিবাৰে নিশা বাংগালুৰুৰ মণিপাল চিকিৎসালয়ত দেহাৱসান ঘটে। এমাহতকৈও অধিক সময় তেওঁ অসুস্থতাৰ সৈতে যুঁজি আছিল। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই তেওঁৰ দলৰ সহকৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয়, “মই প্ৰাৰ্থনা কৰোঁ যাতে ঈশ্বৰে তেওঁৰ আত্মাক চিৰশান্তিত কৰে আৰু তেওঁৰ পৰিয়ালক এই বেদনা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক।”