আজি ভাৰত-পাকিস্তানৰ হাইভ’ল্টেজ মেচ

Pc The Janambhumi

আজি ভাৰত-পাকিস্তানৰ হাইভ’ল্টেজ মেচ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আই চি চি টি- ২০ বিশ্বকাপৰ অন্যতম শ্রেষ্ঠ খেলখন আজি অনুষ্ঠিত হ’ব। কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজৰ মেলবর্ণত অনুষ্ঠিত হ’বলগীয়া ক্রিকেট আটাইতকৈ উত্তেজনাপূর্ণ মেচখনত বৰষুণৰ ভাবুকি আহি পৰিছে। উল্লেখ্য যে উভয় দেশৰ তিক্ত ৰাজনৈতিক সম্পৰ্কৰ বাবেই চুবুৰীয়া দেশ দুখনৰ মাজত দ্বিপাক্ষিক ক্রিকেট স্থগিত হৈ থকাৰ সময়তে নিৰপেক্ষ স্থানত বহুদলীয় ইভেণ্টত প্ৰতিবাৰেই হোৱা মুখামুখিৰ সময়ত আৱেগ উচ্চ হৈ পৰে ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট মেচক লৈ।  খেলখনক লৈ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই কয় যে, ‘আমাৰ দলৰ সদস্যসকলে আগতেও এনে ধৰণৰ খেল খেলিছে আৰু তেওঁলোকে এনেকুৱা পৰিস্থিতিত নিজকে কেনেকৈ মেনেজ কৰিব লাগে জানে।’ চলিত বৰ্ষৰ আৰম্ভণিতে টিকট বিক্ৰী মুকলিৰ পাঁচ মিনিটৰ ভিতৰতে শেষ হৈ গৈছিল । পাকিস্তানৰ অধিনায়ক বাবৰে কয় ‘এয়া এখন উচ্চ চাপৰ খেল যদিও আমি ইয়াক সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিম। আমি আমাৰ সামৰ্থ আৰু দলীয় অনুশীলনৰ ওপৰত বিশ্বাস ৰাখিছো।