স্বামীৰ শ্ৰাদ্ধৰ দিনা এগৰাকী বিধৱা মহিলাক ৰঙীন সাজ পৰিধান কৰাই এখন সমাজে দিলে

Pc The Janambhumi

স্বামীৰ শ্ৰাদ্ধৰ দিনা এগৰাকী বিধৱা মহিলাক ৰঙীন সাজ পৰিধান কৰাই এখন সমাজে দিলে

ৰঙিলী বাৰ্ত্তাসেৱা-  সমাজৰ প্ৰচলিত ভুল পৰম্পৰাৰ অৱসান ঘটাব বিচাৰিছে অসমৰে এখন আধুনিক সমাজে।স্বামীৰ শ্ৰাদ্ধৰ দিনা এগৰাকী বিধৱা মহিলাক ৰঙীন সাজ পৰিধান কৰাই সমাজলৈ দিলে যোগাত্মক বাৰ্তা।প্ৰচলিত সমাজ ব্যৱস্থাৰ সোঁতৰ বিপৰীতে সংস্কাৰমুখী চিন্তাৰে কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মহিলা সমাজে দেখুৱালে এক সংস্কাৰমুখী আদৰ্শ।এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মাত্ৰ ১২ দিন পূৰ্বে মৃত্যু ঘটিছিল দীপামণি বৰা ভূঞাৰ স্বামীৰ।পৰম্পৰা অনুসৰি, স্বামীৰ মৃত্যুৰ পিছত নিজৰ জীৱনৰ ৰং মচি আন বিধৱাৰ দৰেই বগা সাজযোৰকে আঁকোৱালি লৈছিল দীপামণি বৰা ভূঞাই।কিন্তু স্বামীৰ শ্ৰাদ্ধৰ দ্বাদশ দিনটোত বিধৱা দ্বীপামণি বৰা ভূঞাক সাজ-পোছাক, আ-অলংকাৰ পৰিধানৰ পূৰ্ণ স্বাধীনতা দিলে কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ মধুসদন শাখাই।প্ৰচলিত বিধৱাসকলৰ বগা সাজৰ পৰিৱৰ্তে সম্পূৰ্ণ নীতি-নিয়মেৰে প্ৰয়াত স্বামীৰ শ্ৰাদ্ধৰ দ্বাদশ দিনা দীপামণি বৰা ভূঞা নামৰ মহিলাগৰাকীক ৰঙীন সাজ পৰিধান কৰায়।এই সন্দৰ্ভত দীপামণি বৰা ভূঞাই চচিয়েল মিডিয়াত লিখিছে,’স্বামীৰ মৃত কৰ্ম ১২ দিনৰ অন্তত গাঁৱৰ মহিলাসকলে ল’ৰাটোক চেলেং চাদৰ আঁতৰাই বস্ত্ৰ আৰু মোক ৰঙীণ সাজ, আ-অলংকাৰ পৰিধান কৰাই।তেওঁলোকেো কৈছে, “আজিৰ পৰা ৰঙীণ সাজ পিন্ধিবা,কপালত ফোট ল’ব পাৰিবা; বগা সাজ নিপিন্ধিবা”।এনেকুৱা বহল চিন্তাই এগৰাকী বিধৱা নাৰীক কিমান আনন্দ দিব পাৰে, ভাষাৰে বুজাব নোৱাৰোঁ।এনেকুৱা পৰিবৰ্তন প্ৰতি গৰাকী বিধৱাই লাভ কৰক।এনেকুৱা নিয়ম অসমৰ সকলো ঠাইতে আছে নে নাই নাজানো, কিন্তু কলিয়াবৰৰ মাজ পূৱথৰীয়াত এই নিয়ম আছে। মই আচৰিত হৈছিলো, ১২ দিনৰ দিনাই যে কাঢ়া ৰঙৰ কাপোৰ পৰিধান কৰিব পাৰিম বুলি। স্বামীক সন্মান জনাই মই এমাহলৈ বগা সাজেই পিন্ধিম,এবছৰলৈ মোৰ প্ৰিয় ৰং ৰঙা নিপিন্ধো।তাৰ পিছত মামণি ৰয়ছম গোস্বামী বাইদেউৰ আদৰ্শৰেই আগবাঢ়িম। মই মোৰ ভাল লগা ধৰণৰ সাজ-পাৰ কৰিম এগৰাকী প্ৰতিবাদী নাৰী হিচাপে।জীৱিত কালত আমি চিকিৎসাৰ অলপো অৱহেলা কৰা নাই, মৃত্যুৰ পিছত এতিয়া আমি তেওঁৰ নামত সামাজিক ভাৱে কাম কৰিবলৈ চেষ্টা কৰিম।উল্লেখযোগ্য যে,কৰ্মসূত্ৰে গুৱাহাটীত বাস কৰা কলিয়াবৰৰ মাজ-পূৱথৰীয়া গাঁৱৰ দীপামণি বৰা ভূঞা এগৰাকী লেখিকা,চিত্ৰনাট্যকাৰ, সাংস্কৃতিক কৰ্মী।ইতিমধ্যে তেওঁৰ পৰিচালনা,প্ৰযোজনা আৰু চিত্ৰনাট্যত গুৱাহাটী দূৰদৰ্শন আৰু দিল্লীৰ কৃষাণ চেনেলত কেইবাখনো ধাৰাবাহিক, তথ্য চিত্ৰ, চুটি ছবি সম্প্ৰচাৰ হৈছে।বৰ্তমানো বিধৱাসকলক কেন্দ্ৰ কৰি তেওঁ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি আছে।