চিকিৎসাৰ অভাৱত মাজুলীত পুনৰ এজন লোকৰ মৃত্যু

চিকিৎসাৰ অভাৱত মাজুলীত পুনৰ এজন লোকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য কপাই যোৱা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মাজুলীত পুনৰ সংঘটিত হৈছে আন এক দুখজনক ঘটনা। চিকিৎসাৰ অভাৱত মাজুলীত পুনৰ এজন লোকৰ মৃত্যু।উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবেই কৰুণ মৃত্যুক আকোঁৱালি ল’লে আন এজন যুৱকে।এই ঘটনাই পুনৰ নদীদ্বীপ মাজুলীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।গড়মূৰ পিতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত হৈছে এই ঘটনা।মাজুলীৰ আদিত্য পায়েং নামৰ যুৱকজনৰ চিভিল হাস্পাতলখনত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু। ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি অসুস্থ আদিত্যক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতই ২টা বেজী দিয়ে।বেজী দিয়াৰ পিছতেই বেছি অসুস্থ হৈ পৰে আদিত্য।ততাতৈয়াকৈ আদিত্য পায়েঙক আই চি ইউত ভৰ্তি কৰে।কিন্তু চিকিৎসালয়ৰ আই চি ইউত সময়মতে উপস্থিত নাছিল টেকনেচিয়ান।আই চি ইউ টেকনিচিয়ানৰ অভাৱৰ বাবেই আদিত্য পায়েঙে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে।