বৈষ্ণৱপীঠ মাজুলীত কেৰল বাজিলে দুৰ্গা পূজা হোৱাত আপত্তি ক’ত : জনাৰ্দ্দন দেৱ গোস্বামী

Pc ETV Bharat

বৈষ্ণৱপীঠ মাজুলীত কেৰল বাজিলে দুৰ্গা পূজা হোৱাত আপত্তি ক’ত : জনাৰ্দ্দন দেৱ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- “মাজুলীক মাজুলী হৈ থাকিবলৈ দিয়ক । দুজনা গুৰুৰ মিলভূমি এই বৈষ্ণৱপীঠ মাজুলী ভৱিষ্যতেও যাতে সুৰক্ষিত হৈ থাকে তাতহে মনোনিবেশ কৰক । আমাৰ মাজত এক সংঘাটৰ পৰিবেশ সৃষ্টিৰ বাবে যাতে কোনেও প্ৰয়াস নকৰে । মাজুলীৰ যি সাতাম পুৰুষীয়া পৰম্পৰা সেইয়া সুৰক্ষিত হৈ আছে আৰু সুৰক্ষিত থাকিব । দক্ষিণপাট গৃহস্থী সত্ৰৰ যি গৰাকী সত্ৰীয়া তেখেতে যি খিনি কথা কৈছে তাক আমি গৰিহণা দিছোঁ । সেইয়া তেওঁৰ ব্যক্তিগত বক্তব্য । তেওঁ সমগ্ৰ মাজুলীৰ অভিভাৱক নহয় । তেওঁ যিহেতু দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰো নহয়, গতিকে তেওঁৰ বক্তব্যক লৈ আমি চিন্তিত নহয় ।” সততে বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি অহা মাজুলীৰ শ্ৰীশ্ৰীদক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া আৰু বিশ্ব হিন্দু মহাসংঘ অসমৰ সভাপতি জনাৰ্দ্দন দেৱ গোস্বামীৰ অন্য এক বিতৰ্কিত মন্তব্যত পুনৰ মাজুলীত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ । সত্ৰভূমি মাজুলীত ৰাজ্যৰ অন্য স্থানৰ দৰে দূৰ্গা পূজা অনুস্থিত কৰা নহয় । কাৰণ বৈষ্ণব ধৰ্মৰ পীঠস্থান স্বৰূপ মাজুলীত বলি বিধানৰ প্ৰথা নিষিদ্ধ। মহাপুৰুষ গুৰুজনাৰ লগত মাধবদেৱৰ মিলনৰ মনিকাঞ্চন সংযোগভূমি মাজুলীৰ ধুৱাহাট বেলগুৰি সত্ৰৰ ঐতিহ্য মহাপুৰুষীয়া আদৰ্শক নস্যাৎ কৰি মাজুলীৰ ঐতিহ্যৰ বিপৰীতে দিয়া মন্তব্যক তীব্ৰ ভাষাৰে বিৰোধীতা কৰিছে মাজুলীৰ ৰাইজে ৷ উল্লেখ্য, অতীজৰে পৰা দূৰ্গা পূজা অনুস্থিত নোহোৱা মাজুলীত দূৰ্গা পূজা অনুস্থিত কৰাত কোনো আপত্তি নাই বুলি উল্লেখ কৰিছিল । দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া জনাৰ্দ্দন দেৱ গোস্বামীয়ে মাজুলীত কেৰলৰ ধ্বনি বাজিলে, দূৰ্গা পূজা অনুষ্ঠিত কৰাত আপত্তি ক’ত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল । সত্ৰীয়া ’গৰাকীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীয়ে কয়, “তেওঁৰ মন্তব্য শুনি আমিও সচকিত হৈছোঁ। মাজুলীত বিশেষকৈ বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰা আছে। গতিকে এই বৈষ্ণৱ সংস্কৃতিৰ পৰম্পৰাৰ মাজত হঠাতে কিবা এটা নতুনকৈ জাপি দিয়া কথাটো কোনো কাৰণতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ । আমি সদায় এইটোকে বিচাৰোঁ বৈষ্ণৱ সংস্কৃতিৰ যি ঐতিহ্য আছে, আৰু বৈষ্ণৱ সাংস্কৃতিক প্ৰতিনিধিত্ব কৰা মাজুলী আৰু মাজুলী য়ে গোটেই অসমীয়া জাতিক অসমীয়া সাংস্কৃতিক, বৈষ্ণৱ সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে । তেনেকুৱা অৱস্থাত মাজুলীৰ ঐতিহ্য অক্ষুণ্ণ হৈ থাকিব লাগে । মাজুলী বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান আৰু এই যি স্বকীয় ঐতিহ্য সদায় যেন এনেকৈয়ে থাকে তাকে আমি মনে প্ৰাণে বিচাৰোঁ ।”

উল্লেখ্য, বৈষ্ণৱপীঠ মাজুলীত ৩৬ খন সত্ৰৰ বিপৰীতে ৬৪ টা গীৰ্জা স্থাপন হোৱা স্পৰ্শকাতৰ বিষয়ত মাজুলীয়ে সত্ৰপীঠৰ গৌৰৱ হেৰুৱাই পেলোৱাৰ আশংকা প্ৰকাশ কৰি এইক্ষেত্ৰত মাজুলীৰ সচেতন ব্যক্তি, সত্ৰাধিকাৰ, চৰকাৰ সমন্বিতে সকলো সৰৱ হ’ব লাগে বুলিও প্ৰকাশ কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰীয়া গৰাকীয়ে । কিন্তু কাৰ্য্যক্ষেত্ৰত এই বিষয়ত বিশেষ সজাগতা পৰিলক্ষিত নোহোৱাত সত্ৰীয়া গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি মাজুলীত শাৰদীয় দূৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসন্মত হোৱাৰ কাৰণ নাই বুলি ব্যক্ত কৰে। আনহাতে সাহিত্যিক ইচমাইল হুচেইনে জনাৰ্দ্দন দেৱ গোস্বামীৰ মন্তব্যক সমালোচনা কৰি কয় যে মাজুলীৰ সুকীয়া বৈশিষ্ট আছে। মাজুলী বৈষ্ণবপীঠ আছিল আছে আৰু ভবিষ্যতলৈও থাকিব। মন্দিৰ-মছজিদ পতা বহু স্থান আছে, দূৰ্গা পূজাৰ বহু স্থান আছে গতিকে মাজুলীৰ যি ঐতিহ্য অক্ষুণ্ণ থাকক৷ জনাৰ্দন দেবগোস্বামীৰ মন্তব্যক লৈ গৰমুূূৰীয়া সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে মাজুলীৰ সত্ৰপীঠৰ গৰিমা অটুট ৰখাৰ বিষয়ত মন্তব্য প্ৰকাশ কৰে৷ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীয়ে কয় যে জনাৰ্দন দেৱগোস্বামীয়ে কৰা মন্তব্য একান্তই ব্যক্তিগত ৷ মাজুলীত দুৰ্গাপূজা হ’বনে নহ’ব মাজুলীৰ জনসাধাৰণে সিদ্ধান্ত কৰিব ৷ ৩৬ খন সত্ৰ, দল-সংগঠনৰ মতামতৰ ভিত্তিতহে পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত হ’ব ৷ মাজুলীৰ দুইলাখ জনসাধাৰণৰ মত এজনে দিব নোৱাৰে ৷ একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিৰ সভাপতি মুনীন্দ্ৰ ভূঞা, উপদেষ্টা যুগল হাজৰিকাই কয় যে আমি সত্ৰাধিকাৰ হিচাপে সকলোকে সন্মান জনাওঁ, কিন্তু মাজুলীৰ ঐতিহ্য বিঘ্নিত কৰিব পৰা যিকোনো সিদ্ধান্ত এগৰাকী সত্ৰাধিকাৰে দিলেই মানি ল’ব নোৱাৰোঁ ৷ কেৱল ব্যক্তিগত আবেগৰ বশবৰ্ত্তী হৈ দিয়া সিদ্ধান্ত মাজুলীবাসীয়ে মানি নলয় ৷ মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মাজুলী সাংস্কৃতিক মহাসভাৰ সভাপতি প্ৰভাত বুঢ়াভকতে কয় যে ব্যক্তিগত আৱেগৰ অধীন হৈ দিয়া মন্তব্যক মাজুলীবাসীয়ে মানি নলয়৷ এনে মন্তব্যই মাজুলীৰ ঐক্য সংহতিত ব্যাঘাত জন্মাব। মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শক লৈ গৌৰৱ কৰা মাজুলীত এনে মন্তব্য নিতান্তই সমীচীন হোৱা নাই ৷ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকাই এই প্ৰসংগত কয় যে সত্ৰীয়া সংস্কৃতিৰ পীঠস্থলীত মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শ কোনো কাৰণতে ব্যাহত হ’বলৈ দিব নোৱাৰি৷ কাৰোবাত আবেগিক মত জনসাধাৰণ মতামত হ’ব নোৱাৰে৷