আপ এৰি যাবলৈ কোৱা হৈছিল: দিল্লীৰ উপ মুখ্যমন্ত্ৰী চিছোদিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত প্ৰায় ৯ ঘণ্টা ধৰি চিবিআইয়ে সোধা-পোছা কৰা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই কয় যে মোক আপ এৰি যাবলৈ কোৱা হৈছিল নহ’লে এনে গোচৰ মোৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থাকিব। তেওঁ লগতে কয়, ‘মই কৈছিলো আপ এৰি বিজেপিলৈ নাযাঁও।’ চিছোদিয়াই অভিযোগ কৰে যে তেওঁক কোৱা হৈছিল যে তেওঁক মুখ্যমন্ত্ৰী কৰা হ’ব।অৱশ্যে চিবিআইৰ সূত্ৰই চিছোদিয়াৰ অভিযোগ অস্বীকাৰ কৰিছে। চিবিআইয়ে এক বিবৃতিত কয়, “তেওঁক (চিছোদিয়া)ক কেৱল এজাহাৰত উল্লেখ কৰা অভিযোগ আৰু এতিয়ালৈকে সংগ্ৰহ কৰা প্ৰমাণৰ ওপৰতহে সোধা-পোছা কৰা হৈছে।” তেওঁৰ বিবৃতি পৰীক্ষা কৰা হ’ব আৰু অনুসন্ধানৰ প্ৰয়োজনীয়তা অনুসৰি পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব।”চিছোদিয়া পুৱা ১১.১৩ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছিল, য’ত পুৱা ১১.৩০ বজাত তেওঁৰ সোধা-পোছা আৰম্ভ হৈছিল। এই সময়ছোৱাত তেওঁক দুপৰীয়াৰ আহাৰৰ বাবে আধা ঘণ্টাৰ বিৰতি দিয়া হৈছিল। চিছোদিয়া প্ৰথমে ৰাজঘাটত উপস্থিত হৈছিল আৰু মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাইছিল, তেওঁৰ সমৰ্থনত, আপ কৰ্মীসকলে দিল্লীৰ ৰাজপথলৈ ওলাই আহিছিল আৰু চিবিআই কাৰ্যালয়ত প্ৰতিবাদ কৰিছিল। চিবিআইৰ সূত্ৰ অনুসৰি, চিছোদিয়াক প্ৰথমে তেওঁৰ ঘৰত দিয়া বিবৃতিৰ এটা প্ৰতিলিপি দেখুওৱা হৈছিল। ইয়াৰ পিছতে একেটা গোচৰৰ আন এজন অভিযুক্ত বিজয় নায়াৰ আৰু শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা হায়দৰাবাদস্থিত ব্যৱসায়ী অভিষেক বইনপালিৰ বিষয়ে মনীষ চিছোদিয়াক সোধা-পোছা কৰা হয়।