ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৯ নৱেম্বৰত শপত গ্ৰহণ কৰিব

Pc tribune india

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৯ নৱেম্বৰত শপত গ্ৰহণ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে জনোৱা মতে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন স্নাতক চন্দ্ৰচূড়ে অহা ৯ নৱেম্বৰত শপত ল’ব।৮ নৱেম্বৰত অৱসৰ ল’বলগীয়া বৰ্তমানৰ ন্যায়াধীশ ইউ ইউ ললিতে যোৱা সপ্তাহত চন্দ্ৰচূড়ক তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ দিছিল।