চিতাগ্নী
মোৰ মৃত্যুৰ দিনা মোৰেই চিতাত
জুই জ্বলাই দিবলৈ তুমি আহিবা।
তোমালৈ ৰচা সপোনবোৰ তুমি নিজেই চিতাত তুলি দি দাহন কৰিবা।
বটলে বটলে ঘিউ ধালি বহু হেপাহেৰে জ্বলাই দিবা মোক।
চিতাৰ মাজতে হানি খুচি শেষ কৰিবা
দুখত পোত যোৱা এই দুৰ্ভাগীয়াৰ মৰমবোৰ।
তোমাৰ লাভ লোকচানৰ হিচাপবোৰ
মোৰ চিতাৰ জুইকুৰাক শুধিবা সকলো কব।
চিতাজুইৰ মাজতে হয়তো মই চিঞৰি চিঞৰি গাম
” মৰম মানে নহয় সোণৰে কাৰেং ঘৰ ঐ
ধুমুহা আহিলে নাথাকে সিয়োযে ৰৈ”
কেচাঁ বাহৰ প্ৰতিটো শব্দত শুনিবা
তোমালৈ সাচি ৰখা সপোনবোৰ।
ধোঁৱাৰ মাজতে বিলিন হৈ উৰি যাব
মোৰ আশাবোৰ।
বিদায় মাগিলো তোমাৰ পৰা
চকুপানী খিনিক লৈ।
আৰু কেতিয়াও উভটি নাহো তোমাক
ভেকুলী, মেকুৰী, ফেচী বুলি জোকাবলৈ।
তিল তিলকৈ পুৰি পুৰি
শেষ হৈ যাব মোৰ নশ্বৰ দেহ।
চাই হৈ পৰি ৰব মোৰ উকা কলিজা খন।
হয়তো সেই চাইখিনিতে মই কৈ যাম
“মুনু তুমি ভালদৰে থাকিবা,
ফ্ৰীজৰ পানী নাখাবা দে”
ইমান দিনৰ মৰম, ভালপোৱাবোৰ
এগচি চাকি আৰু এটা কলপুলি পুতি মোক এৰি আহিবা।
অকলে অকলে মই শ্মশানৰ এন্ধাৰত
পৰি থাকিম হেৰোৱা মৰমকলৈ।
প্ৰেতাত্মা হৈ তোমাৰ কাষতে চিৰদিন থাকিম
তোমাৰ সুখবোৰ দেখি সুখী বুলি নিজকে ভাবিম।
কবি- বসন্ত কলিতা