মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা

মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ সৰুচলা চাৰিআলিত আজি বিয়লি ২ বজাত ড্ৰাগছসহ আটক হয় এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী।নগাঁও জিলাৰ ধিঙৰ ঢাকায়াবস্তিৰ পৰা এখন নাম্বাৰবিহীন ই-ৰিক্সাত ড্ৰাগছ কঢ়িয়াই লৈ গৈ থকা অৱস্থাত ধিং- মৰিগাঁও সংযোগী গড়কাপ্তানী পথৰ সৰচলা চাৰিআলিত মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ জালত পৰে ধৃত ড্ৰাগছ সৰবৰাকাৰীটো। জানিব পৰা মতে নগাঁও জিলাৰ ধিঙৰ ধুপগুৰীৰ ধৃত আশ্বাদুল হুছেইনে নগাঁও আৰু মৰিগাঁও জিলাৰ উক্ত সীমামূৰীয়াৰ বৃহত্তৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ সৰবৰাহকাৰী কাৰ্যত লিপ্ত আছিল। ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা মৈৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে ৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰহ, এটা স্মাৰ্ট ফোন আৰু নগদ ৩২ শ টকা লগতে জব্দ কৰে নামাৰবিহীন ই-ৰিক্সা এখন। মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা,ড্ৰাগছসহ মৈৰাবাৰীৰ সৰুচলা চাৰিআলিত আটক ড্ৰাগছ সৰবৰাহকাৰী।