৪২ দিনে সন্ধানহীন শিক্ষক মনেশ্বৰ কলিতা

৪২ দিনে সন্ধানহীন শিক্ষক মনেশ্বৰ কলিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  কাৰ্বি আংলং জিলাৰ লাংহিন পামগাঁওৰ বাসিন্দা মনেশ্বৰ কলিতা ৩০ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে৷তেওঁ কৰ্মসূত্ৰে একে জিলাৰে ছামেলাংচ থানাৰ অন্তৰ্গত ৰং আৰেই মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল৷আন দিনাৰ দৰেই সিদিনাও ৮:৩০ বজাত বাসস্থানৰ পৰা প্ৰায় ২৪ কি: মি দূৰত্বত অৱস্হিত বিদ্যালয়লৈ যোৱাৰ পথৰ পৰাই সন্ধানহীন হৈ আছে৷- এই মন্তব্য পত্নী পলি গগৈ কলিতাৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত আক্ষেপেৰে পত্নী কলিতাই কয়-পৰিয়ালৰ তৰফৰ পৰা ছামেলাংচ থানা আৰু ডকমকা থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও আজি ৪২ দিন অতিক্ৰম কৰাৰ পাছতো মনেশ্বৰ কলিতাৰ কোনো শুংসূত্ৰ প্ৰশাসনে উলিয়াব পৰা নাই৷কেচ নং -01/2022 4/5 364 IPC নম্বৰত ৰুজু কৰি অনুসন্ধান কৰি আছে যদিও আজিলৈকে আৰক্ষীয়ে কোনো সন্ধান উলিয়াব পৰা নাই৷অতি ভদ্ৰ,নম্ৰ আৰু কৰ্তব্য পৰায়ণ শিক্ষক মনেশ্বৰ কলিতা সন্ধানহীন হৈ থকা দিনৰে পৰা পৰিয়াল তথা শুভাকাংখী উদ্বিগ্নতাৰে দিন কটাই আছে৷তাৰোপৰি এজনী ৭ বছৰীয়া কন্যা আৰু এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানে পিতৃ অবিহনে হাহাকাৰ কৰি আছে৷তেওঁৰ অবিহনে আমাৰ পৰিয়ালটো নিৰুপায় হৈ পৰিছোঁ৷৪৬ বছৰীয়া মনেশ্বৰ কলিতাই ২০০৬ চনৰ পৰা বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ উপৰিও লাংহিন পামগাঁও অঞ্চলৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাংহিন তিনিআলি প্ৰাথমিক শাখাৰ সম্পাদক পদতো কাৰ্যনিৰ্বাহ কৰি আছিল৷মনেশ্বৰ কলিতাক অতিশীঘ্ৰে উদ্ধাৰ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী,শিক্ষামন্ত্ৰী,মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক পত্নী পলি গগৈ কলিতাই অনুৰোধ জনায়৷সংবাদ মেলত ভাতৃ সমৰ কলিতা,মহানন্দ কলিতা,ভনী সৰস্বতী কলিতা উপস্থিত থাকে৷