একাত্ম – সংগীতা বৰুৱা

Pc - Wallpaper Access

একাত্ম

নিসংগতাৰ সৈতে মিতিৰালি মোৰ বহু দিনৰ !
মোক লৈ নাসাজিবা তোমাৰ বাসনাৰ সোণালী কাৰেং ।
মইতো আগবঢ়াই দিয়া নাছিলোঁ
কোনোদিনে কাৰো বাবে বন্ধুত্বৰ দুহাত ।
মিছা মৰমৰ
মিছা সম্বন্ধৰ
মিছা আকাংক্ষাৰ ক্ষণিক প্ৰলেপ সনাৰ
হাবিয়াস মোৰ কাহানিও নাছিল ।
যি বিচাৰিছিল স্ব-ইচ্ছাই আগুৱাই দিছিল
আলিংগনৰ দুহাত ।
এটি দুটিকৈ সাঁচি গৈছিলোঁ
বহু অপূৰ্ণ কাহিনীৰ ইতিহাস ।
আজি আৰু বুৰঞ্জীৰ পুনৰাবৃত্তিৰ প্ৰয়োজন নাই ।
অনুগ্ৰহ কৰি মোক আৰু ভুল নুবুজিবা
নিৰ্জনতাৰ সৈতে সহবাস মোৰ বহু যুগৰ
তুমি বিচাৰিলেও নুবুজিবা কেতিয়াও
মৌন ওঁঠৰ উন্মুক্ত সাৱলীল ভাষা ।

বিষাদৰ সতে সহবাস মোৰ প্ৰতি পল…
মায়াৰ শেষ বিন্দুত
সপোন হেৰুৱা এটি যাযাবৰ চৰাইয়ে ক’লে,
“তাৰ বাবেই জীৱনৰ প্ৰতি তোৰ ইমান মোহ ! “

সংগীতা বৰুৱা
গুৱাহাটী