আয়ে যি শিক্ষা দিছিল সেই শিক্ষাই মোক সহিষ্ণু হ’বলৈ শিকাইছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Pc the janambhumi

আয়ে যি শিক্ষা দিছিল সেই শিক্ষাই মোক সহিষ্ণু হ’বলৈ শিকাইছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘মাতৃৰ কোলাত শিকি অহা শিক্ষাই মোৰ জীৱনৰ শ্ৰেষ্ঠতম শিক্ষা৷আইৰ কোলাৰ শিক্ষাই জীৱনত সহনশীল হ’বলৈ শিকালে৷’ডিব্ৰুগড়ৰ সুৰজমল কানৈ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান উপলক্ষে আয়োজন কৰা মত বিনিময় অনুষ্ঠানত উপস্থিত থাকি ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ, জলপৰিবহণ আৰু আয়ুস মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়৷মানৱ জীৱনটো সুখ-দুখ, সফলতা-বিফলতা, ভাল-বেয়া আদিৰ সমষ্টি বুলি মত প্ৰকাশ কৰি সৰ্বানন্দ সোণোৱালে কয়,-‘সমস্যা আৰু প্ৰত্যাহ্বান জীৱনৰ এক অবিচ্চেদ্য অংগ৷কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে আয়ে যি শিক্ষা দিছিল সেই শিক্ষাই মোক সহিষ্ণু হ’বলৈ শিকাইছে৷ জীৱনলৈ অহা ডাঙৰ বিপদ বা সমস্যাৰ সৈতে যুঁজিবলৈ হ’লে সহিষ্ণুতা, ইতিবাচক দৃষ্টিভংগী, আত্মবিশ্বাস, মনোবলৰ লগতে বিষয়টো সৰলভাৱে বিশ্লেষণ কৰিব পাৰিব লাগিব৷’সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়–‘জীৱনত সপোন দেখিব লাগে৷সপোন দেখাতো ভাল কিন্তু সেই সপোন দিঠকত পৰিণত কৰিবলৈ চেষ্টা কৰিব লাগিব৷যদি সপোনক দিঠকত পৰিণত কৰিব পৰা নাযায় তেন্তে সেই সপোনৰ কোনো অৰ্থ নাথাকে৷সপোনক সাকাৰ ৰূপ দিবলৈ হ’লে কষ্ট কৰিব লাগিব৷তেতিয়াহে সেই সপোনে পূৰ্ণতা লাভ কৰিব৷’ নিয়মিত যোগাভ্যাসৰ প্ৰসংগ উল্লেখ কৰি তেওঁ নিজকে সুস্থ-সবল কৰি ৰাখিবলৈ প্ৰতিদিন ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ এঘণ্টা হ’লেও সময় উলিয়াই যোগাসনৰ অভ্যাস কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷