অংকিতা ভাণ্ডাৰীৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে অংকিতা ভাণ্ডাৰীৰ পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। “তেওঁ কয় যে ফাষ্ট ট্ৰেক আদালতত শুনানিৰ বাবে সন্মানীয় আদালতলৈ অনুৰোধ কৰা হৈছে যাতে ভুক্তভোগীৰ পৰিয়ালে দ্ৰুত ন্যায় লাভ কৰিব পাৰে,” মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰে। বহিষ্কৃত উত্তৰাখণ্ডৰ বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ পুলকিতৰ বিৰুদ্ধে ১৯ বছৰীয়া যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।