জ্যেষ্ঠ সাংবাদিক ত্ৰিদীপ লহকৰলৈ ‘এক্সিলেন্স ইন জাৰ্নালিষ্টিক ৰিপৰ্টিং অন স্মাগলিং এণ্ড কাউন্টাৰফিটিং ইছ্যুছ’ ৰ বঁটা

Pc The Janambhumi

জ্যেষ্ঠ সাংবাদিক ত্ৰিদীপ লহকৰলৈ ‘এক্সিলেন্স ইন জাৰ্নালিষ্টিক ৰিপৰ্টিং অন স্মাগলিং এণ্ড কাউন্টাৰফিটিং ইছ্যুছ’ ৰ বঁটা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী নিবাসী জ্যেষ্ঠ সাংবাদিক ত্ৰিদীপ লহকৰলৈ আগবঢ়োৱা হৈছে ‘এক্সিলেন্স ইন জাৰ্নালিষ্টিক ৰিপৰ্টিং অন স্মাগলিং এণ্ড কাউন্টাৰফিটিং ইছ্যুছ’ ৰ বঁটা।এই বঁটা প্ৰদান কৰিছে অগ্ৰণী ঔদ্যোগিক সংস্থা ফেডাৰেচন অব ইণ্ডিয়ান চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিয়ে (FICCI)। শুকুৰবাৰে নতুন দিল্লীৰ ছাংগ্ৰি-লা হোটেলত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰ অষ্টম সংখ্যক MASCRADE ২০২২ অনুষ্ঠানত ত্ৰিদীপ লহকৰক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কৃষ্ণন কৌলে।যোৱা এটা বছৰত ভাৰতৰ সৰ্ববৃহৎ নিউজ এজেন্সি প্ৰেছমীট ট্ৰাষ্ট অব ইণ্ডিয়া (PTI) ৰ বাবে উল্লিখিত বিষয়ৰ ওপৰত বিশদ বিৱৰণীমূলক লিখনিৰ বাবে ত্ৰিদীপ লহকৰলৈ এই বঁটা আগবঢ়োৱা হৈছে।সম্প্ৰতি ত্ৰিদীপ লহকৰে পি টি আইৰ অসম শাখাৰ চীফ কৰেছপণ্ডেন্ট হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু নকল সামগ্ৰী, ড্ৰাগছ, মুদ্ৰা, সোনৰ দৰে মূল্যবান ধাতুৰ চোৰাং বেহাৰ লগতে এনেবোৰৰ সৈতে জড়িত অপৰাধীৰ বিৰুদ্ধে গ্ৰহণ কৰা আইনী ব্যৱস্থাৰ বাতৰি সংগ্ৰহ কৰি বিতংকৈ লিখি আহিছে। তেওঁ এই বিষয়ত কৰা বহু অধ্যয়ন আৰু সমীক্ষাৰ প্ৰতিবেদনৰ বাতৰিও প্ৰকাশ কৰিছে যিয়ে ভাৰতত বিশেষকৈ কেইবাখনো দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰা উত্তৰ-পূৱত সামাজিক বিপদৰ ভয়াবহতাৰ ওপৰতো আলোকপাত কৰিছে। ফিকিৰ মতে লহকৰক সংস্থাটোৰ “চোৰাং আৰু নকল ব্যৱসায়ৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰাহক, উদ্যোগ, নীতি নিৰ্ধাৰক আৰু আইন প্ৰয়োগকাৰী বিষয়াসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰ” প্ৰতি সমৰ্থন জনোৱাৰ বাবে সন্মানিত কৰা হৈছে।বঁটা লাভ কৰি ত্ৰিদীপ লহকৰে কয়: “মোৰ কামৰ বাবে স্বীকৃতি লাভ কৰি সন্তুষ্টি পাইছোঁ । সমাজ আৰু জনসাধাৰণৰ ওপৰত প্ৰভাৱ পেলাই অহা বিষয়বোৰ সকলোৰে জ্ঞাতাৰ্থে প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছোঁ।এই স্বীকৃতিৰ বাবে মই ফিকিক ধন্যবাদ জনাইছোঁ। লগতে এনে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত লিখিবলৈ অহৰহ পথ প্ৰদৰ্শন আৰু উৎসাহিত কৰাৰ বাবে মোৰ সকলো সহকৰ্মী আৰু জ্যেষ্ঠ ব্যক্তিসকলৰ প্ৰতিও মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।“‘বিশেষ তদন্ত’ ৰ বাবে লহকৰলৈ আগবঢ়োৱা এই বঁটা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি । তেওঁৰ সৈতে বিভিন্ন মিডিয়া প্ৰতিষ্ঠান আৰু দেশৰ বিভিন্ন প্ৰান্তৰ আন পাঁচগৰাকী সাংবাদিককো চোৰাং আৰু নকল সামগ্ৰীৰ বেহাৰ ওপৰত কৰা বাতৰিৰ বাবে সন্মানিত কৰা হয়।লহকৰৰ লগতে পি টি আইৰ আন এগৰাকী সাংবাদিক মিজোৰামৰ হেনৰী খোজোলেও এই বঁটা লাভ কৰে।২০০৭ চনত নতুন দিল্লীৰ পি টি আই ইক’নমিক ব্যুৰ’ত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল লহকৰে।বিভিন্ন বিষয়ৰ ওপৰত প্ৰতিবেদন দিবলৈ তেওঁ সমগ্ৰ ভাৰত আৰু বিদেশ ভ্ৰমণ কৰিছে । ২০১৩ চনত অসম শাখালৈ আহি ইয়াৰ পিচৰেপৰা ৰাজ্যৰ লগতে উত্তৰ-পূৱৰ কলা-সংস্কৃতিৰ পৰা আৰম্ভ কৰি অপৰাধ-ৰাজনীতিলৈকে বিভিন্ন বিষয়ত বাতৰি প্ৰস্তুত কৰি আহিছে লহকৰে।