দিগন্ত বিশ্ব শৰ্মাক ২০২২ বৰ্ষৰ ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান

Pc The Janambhumi

ৰঙিলী বাৰ্ত্তাসেৱা-  “ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা” ২০২২ প্ৰদান কৰা হৈছে বিশিষ্ট সাহিত্যিক, অনুবাদক তথা সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাক । শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মাক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । অৰুণোদয় সাহিত্য সভা আৰু ড০ ময়িদুল ইছলাম বড়া স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ ঐতিহাসিক সম্পদ সজাগতা কেন্দ্ৰ, আভ্যন্তৰীন মান নিৰূপন কোষ আৰু শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাৱৰ সহযোগত বৰ অসমৰ প্ৰথম ডক্টৰেট, অসম সাহিত্য সভাৰ ১৯৪০ চনৰ সভাপতি তথা ঢাকা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ড০ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰতিবছৰে প্ৰদান কৰা হয় । উক্ত বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে প্ৰৱল ইচ্ছা শক্তি, যোগাত্মক চিন্তাধাৰা আৰু অধ্যয়ন পিপাসু মনৰ দ্বাৰা নৱপ্ৰজন্মই সমাজক উন্নতিৰ দিশত আগুৱাই লৈ যাব পাৰে বুলি মন্তব্য কৰে। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসমীয়া ভাষা সাহিত্যৰ চৰ্চা অত্যন্ত জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰে। বঁটা গ্ৰহণ কৰি দিগন্ত বিশ্ব শৰ্মাই তেওঁৰ পিতৃ-মাতৃৰ অৱদানৰ আৰু সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত তত্বগধূৰ বক্তব্য ৰাখে । অনুষ্ঠানত জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱেও ভাষণ ৰাখে। অনুষ্ঠানটিৰ সভাপতিত্ব কৰে স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰেম গগৈয়ে। মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটিত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীতা বৰকটকী, শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্ৰুৱজ্যোতি নাথ, জিলা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ প্ৰকাশ কটকী, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা প্ৰবীন শৰ্মা, সমাজকৰ্মী সুৰভী ৰাজকুমাৰী, বেণু শৰ্মা আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যপিকা তথা ছাত্ৰীসকল উপস্থিত থাকে৷