মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এগৰাকী পৰীক্ষাৰ্থীৰ

Pc- The Financial Express

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এগৰাকী পৰীক্ষাৰ্থীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ সন্দৰ্ভত উঠা অভিযোগ আৰু প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান এগৰাকী পৰীক্ষাৰ্থীৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিলে পৰীক্ষাৰ্থী নেকিবুৰ ৰহমানে।পৰীক্ষাৰ কেলেংকাৰীৰ সন্দৰ্ভত সাংবাদিকৰ আগত পৰীক্ষাৰ্থী নেকিবুৰ ৰহমানে কয় যে,থাৰ্ড গ্ৰেডৰ বাবে ৩লাখ, ফৰ্থ গ্ৰেডৰ বাবে ৫লাখ টকা বুলি মুকলিকৈ কৈ দিয়ক।ভিক্টৰ দাসক তেনেদৰে ভৰাই থৈছে মোকো ভৰাই থৈ দিয়ক।মোক গ্ৰেপ্তাৰ কৰক,মই ভয় নকৰো।মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ বুলি বুকুত হাত ৰাখি ক’ব পাৰিম।অসমীয়াৰ তেজ আছে গাত।কাকো ভয় নকৰোঁ।জে’লৰ মাজৰ পৰাই কম চাকৰিত দুৰ্নীতি হৈছে।হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সভা,মিটিঙত জোৰ দি ডাঙৰকৈ কয় নিকা আৰু স্বচ্ছ ভাৱে পৰীক্ষা পতা হ’ব।কিন্তু ক’ত নিকা হৈছে,ক’ত স্বচ্ছ হৈছে?বিজেপিৰ পালিনেতা ঘৰত থাকিলেহে চাকৰি পায়’।ওপৰৰ মালৰ লগত হাত থাকিলে পাব চৰকাৰী চাকৰি।ধনৰ লেনদেনৰ বিনিময়ত দিয়া হৈছে চাকৰি।আমিনুল হকে কোৱা কথা সত্য।চৰকাৰে চাকৰিৰ বিজ্ঞাপন দিয়ক কোনটো পোষ্টৰ কিমান দাম।আমি চেন্নাই, কেৰালাত কাম কৰি আহি প‍ইচা দি চাকৰি লম।হিমন্ত বিশ্ব শৰ্মাই নিকা আৰু স্বচ্ছ পৰীক্ষা পতা নাই বিসংগতি পৰীক্ষা পাতিছে।”উল্লেখযোগ্য যে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ পুনৰীক্ষণৰ দাবী জনাইছে পৰীক্ষাৰ্থী নেকিবুৰ ৰহমানে।