বৰ্তমানো নিজ স্থিতিত অটল আছে ভিক্টৰ দাস

বৰ্তমানো নিজ স্থিতিত অটল আছে ভিক্টৰ দাস

ৰঙিলী বাৰ্ত্তাসেৱা– অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। ভিক্টৰ দাস এতিয়াও আৰক্ষীৰ জিন্মাত আছে।বৰ্তমানো নিজ স্থিতিত অটল আছে ভিক্টৰ দাস। পাণবজাৰ থানাৰ পৰা ভিক্টৰক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয়।এখন ক’লা গ্লাছ লগোৱা গাড়ীত ভিক্টৰক লৈ ওলাই গৈছিল আৰক্ষী।কিন্তু আৰক্ষীয়ে লৈ যোৱাৰ প্ৰাকমূহূৰ্তত পুনৰ সাংবাদিকৰ আগত ভিক্টৰ দাসে চিঞৰি ভিক্টৰে ক’লে,’সত্যৰ সদায় জয়, সকলো কথা কৈ আছোঁ।মোৰ তথ্য কেতিয়াও ভিত্তিহীন নহয়।মই কেতিয়াও ভাগৰা নাই,অসমবাসীৰ লগত আছোঁ।’ উল্লেখযোগ্য যে অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাসক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেনৰ অভিযোগ তুলিছিল ভিক্টৰ দাসে।ভিক্টৰ দাসে অভিযোগ কৰা অনুসৰি এই ধনৰ লেনদেনৰ সৈতে জড়িত হৈ আছে প্রাক্তন বিধায়ক।অভিযোগত উল্লেখ কৰা অনুসৰি নিযুক্তিৰ বিনিময়ত ৩ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত ধনৰ লেনদেন হৈছে।চতুৰ্থ বৰ্গৰ পদ সমূহৰ বাবে ৩ লাখৰ পৰা আৰম্ভ হোৱাৰ লগতে তৃতীয় বৰ্গৰ পদ সমূহৰ বাবে ৮ লাখ টকা পৰ্যন্ত দাম উঠিছে।ইয়াৰ পাছতেই উৰাবাতৰি বিয়পোৱাৰ অভিযোগ তুলি শুকুৰবাৰে দিনজোৰা জেৰাৰ অন্তত অসম আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছিল৷