এতিয়াৰে পৰা গাড়ীত এইবিধ সামগ্ৰী থাকিলে ভৰিব লাগিব জৰিমনা

Pc The Janambhumi

এতিয়াৰে পৰা গাড়ীত এইবিধ সামগ্ৰী থাকিলে ভৰিব লাগিব জৰিমনা

ৰঙিলী বাৰ্ত্তাসেৱা- সাৱধান হওঁক।এতিয়াৰে পৰা গাড়ীৰ ভিতৰত লগাব নোৱাৰিব কোনো ধৰণৰ ক’লা নেট, ষ্টিকাৰ।অসম আৰক্ষীয়ে জাৰি কৰিছে এক নতুন নিয়ম।ব্লেক গ্লাছ অথবা ব্লেক নেটৰ ব্যৱহাৰ কৰিলে গাড়ীৰ অধিকাৰীয়ে জৰিমনা দিব লাগিব।অসম আৰক্ষীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টযোগে এটা পোষ্ট কৰি এই বিষয়ে সকিয়নী প্ৰদান কৰিছে।অস্বচ্ছ ব্লেক নেট চানস্ত্ৰীণৰ পৰিপূৰক নহয় সেয়েহে ইয়াৰ ব্যৱহাৰ পৰিহাৰ কৰাৰ বাবে ৰাইজক আৰক্ষীয়ে আহ্বান জনায়।বিশেষকৈ নাৰীৰ লগত সংঘটিত যিকোনো অপৰাধজনিত ঘটনা ৰোধ কৰিবলৈ আৰক্ষীয়ে এনে সুৰক্ষামূলক পদক্ষেপ লৈছে। উল্লেখযোগ্য যে গাড়ীত কলা গ্লাছ লগোৱা আইনমতে দণ্ডণীয়।পূৰ্বেও আৰক্ষীয়ে গাড়ীত কলা গ্লাছ নলগাবলৈ সকিয়নী প্ৰদান কৰি আহিছে যদিও অধিকাংশ চালকে গাড়ীত কলা গ্লাছ ব্যৱহাৰ কৰে।গতিকে আৰক্ষী অধিক কঠোৰ হ’লেহে নিয়ম উলংঘা কৰা চালকক নিয়ন্ত্ৰণ কৰিব পৰা যাব।