অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ সংক্ৰান্তত জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

Pc- Facebook

অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ সংক্ৰান্তত জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম-অৰুণাচল সীমা বিবাদ নিষ্পত্তিকৰণ সংক্ৰান্তত জনতা ভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সৈতে সকলো সীমা সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ এক অংশ হিচাপে জনতা ভৱনত বিষয় সম্পৰ্কত গঠন কৰা আঞ্চলিক সমিতিসমূহৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত মিলিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়ো ৰাজ্যৰ মাজত সাংবিধানিক সীমা চিৰদিনৰ বাবে নিষ্পত্তি কৰাৰ বাবে অসম চৰকাৰৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিবলৈ আঞ্চলিক সমিতিসমূহৰ পৰ্যৱেক্ষণৰ প্ৰতিক্ৰিয়া সম্পৰ্কে বৈঠকত বুজ লয়৷ এই বৈঠকখনত কেবিনেট মন্ত্ৰীসকল ক্ৰমে পীযুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, সঞ্জয় কিষাণ আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে অসম চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।