আজাৰবাইজানৰ সৈতে সীমান্ত সংঘৰ্ষত ৪৯ জন সৈনিক নিহত: আৰ্মেনিয়া

আজাৰবাইজানৰ সৈতে সীমান্ত সংঘৰ্ষত ৪৯ জন সৈনিক নিহত: আৰ্মেনিয়া

ৰঙিলী বাৰ্ত্তাসেৱা- আৰ্মেনিয়াই জনোৱা মতে, আজাৰবাইজানৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোকৰ সৈন্যৰ কমেও ৪৯জন নিহত হৈছে। এইটো বিবাদিত নাগৰ্নো-কাৰাবাখ অঞ্চলক লৈ ২০২০ চনত হোৱা যুদ্ধৰ পিছত দেশসমূহৰ মাজত হোৱা আটাইতকৈ ভয়াৱহ যুদ্ধ। আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়ানে কয়, “শত্ৰুতাৰ তীব্ৰতা হ্ৰাস পাইছে কিন্তু আজাৰবাইজানৰ পৰা এটা বা দুটা দিশত আক্ৰমণ অব্যাহত আছে।” ৰাছিয়া আৰু আমেৰিকাই দুয়োখন দেশক সংযম পালন কৰিবলৈ আহ্বান জনাইছে।