দমন আৰু দিউৰ ১৫ জন জেডি(ইউ) পঞ্চায়ত সদস্যৰ বিজেপিত যোগদান

দমন আৰু দিউৰ ১৫ জন জেডি(ইউ) পঞ্চায়ত সদস্যৰ বিজেপিত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিয়ে প্ৰকাশ কৰা মতে, দমন আৰু দিউত জেডি(ইউ)ৰ ১৭ খন জিলা পঞ্চায়তৰ সদস্যৰ ভিতৰত ১৫ গৰাকীয়ে বিজেপি দলত যোগদান কৰিছে। এক টুইটযোগে দলটোৱে কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ‘বাহুবলী’, দুৰ্নীতিগ্ৰস্ত আৰু ৰাজবংশৰ পক্ষপাতী দল এটাৰ সৈতে হাত মিলোৱা ৰ বাবে সদস্যসকলে জেডি(ইউ) ত্যাগ কৰিছে। কেইদিনমান আগতে, মণিপুৰৰ পাঁচজন জেডি(ইউ) বিধায়কে বিজেপিত যোগদান কৰিছিল।