ৰিজাল্টত ওলাব মুকেশ আম্বানিৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰী বিক্ৰী কৰা দুখীয়াৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাইছে
ৰঙিলী বাৰ্ত্তাসেৱা- নিযুক্তি কেলেংকাৰিক লৈ অৱশেষত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷নিযুক্তি কেলেংকাৰী আৰু ভিক্টৰ দাসক লৈ অৱশেষত প্ৰথমবাৰৰ বাবে মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত কয় যে ”নিযুক্তি কেলেংকাৰি জেমছ বণ্ডৰ চিনেমা নহয়।ভিক্টৰ দাসে কোনোধৰণৰ উপযুক্ত প্ৰমাণ দিব পৰা নাই।ৰিজাল্টত ওলাব মুকেশ আম্বানিৰ পুতেকে চাকৰি পাইছে নে গাঁৱৰ পকৰী বিক্ৰী কৰা দুখীয়াৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাইছে। ৰিজাল্ট দিলেই পানী পানী আৰু গাখীৰ গাখীৰ হৈ যাব।”মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দি প্ৰথম অৱস্থাৰ পৰা নিযুক্তি পৰীক্ষাক লৈ একাংশই নানা ভিত্তিহীন কথা উলিয়াই থকা বুলি উল্লেখ কৰি কয় যে, এইবিলাক কৰি ৮ লাখ ল’ৰা-ছোৱালীৰ মূৰ গৰম নকৰিব।প্ৰাক্তন বিধায়কে টকা খোজা বুলি দাবী কৰা হৈছে।কিন্তু তেওঁৰ নাম ক’ব পৰা নাই।গাড়ীৰ নম্বৰ দিলেইতো নহ’ব। এইখন জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ দিলেই সকলো ওলাই পৰিব।