এক বিশেষ ডুডলৰ জৰিয়তে ভাৰতৰত্নক স্মৰণ গুগলৰ

এক বিশেষ ডুডলৰ জৰিয়তে ভাৰতৰত্নক স্মৰণ গুগলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমগৌৰৱ সংগীতজ্ঞ, সুৰকাৰ ড০ ভূপেন হাজৰিকাৰ আজি ৯৬তম জন্ম জয়ন্তী উপলক্ষে সংগীত জগতত তেখেতে আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ গুগলে এটা ডুডল প্ৰস্তুত কৰিছে। গুগলে ভূপেন হাজৰিকাৰ জন্মদিন এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে। গুগলে নিজৰ টুইটাৰ একাউন্টত ভূপেন হাজৰিকাৰ জন্ম দিনৰ এটা পোষ্ট শ্বেয়াৰ কৰে য’ত এই ডুডলটো সংলগ্ন কৰে। উক্ত পোষ্টটোত গুগলে সকলোকে উদ্দেশ্যি লিখে, ‘আপুনি জানেনে ভূপেন হাজৰিকা এজন অসমীয়া–ভাৰতীয় শিশু প্ৰডিজি আছিল যিয়ে মাত্ৰ ১২ বছৰ বয়সতে চলচ্চিত্ৰৰ বাবে গান গাবলৈ আৰু সংগীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল।” গুগলে লগতে কয় যে,‘শুভ জন্মদিন ভূপেন হাজৰিকা, আপোনাৰ গান আৰু চলচ্চিত্ৰই অসমৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰতি সন্মান বৰ্তমানেও অব্যাহত ৰাখিছে।’

তেখেতৰ জন্ম ৮ ছেপ্তেম্বৰ ১৯২৬ চনত অসমত হৈছিল। ভূপেন হাজৰিকাই নিজৰ সংগীত জীৱন ১০ বছৰ বয়সতে আৰম্ভ কৰিছিল। ১২ বছৰ বয়সত তেওঁ দুখন চলচিত্ৰৰ বাবে গীত লিখা আৰু ৰেকৰ্ড কৰিছিল। সেই গীত দুটা আছিল ‘কাষতে কলচী লৈ’ আৰু ‘বিশ্ব বিজয় নজোৱান’। তেখেতৰ ৫ নবেম্বৰ ২০১১ চনত পৰলোক প্ৰাপ্তি হৈছিল।