ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ সুৰেশ ৰাইনাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সুৰেশ ৰাইনাই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।তেওঁ টুইটাৰত এই ঘোষণা কৰি কয়, “মোৰ দেশ আৰু ৰাজ্য উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো এক পৰম সন্মানৰ বিষয়। মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব বিচাৰো।” চাউথপাৱে আই পি এলক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে আৰু দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা আৰু ইউ.এ.ই.ত টি-২০ লীগত খেলিব। ৰাইনাই আগন্তুক ঘৰুৱা ছিজনত উত্তৰ প্ৰদেশৰ হৈ খেলিব নোৱাৰে।ৰাইনা আই পি এলৰ ইতিহাসৰ শীৰ্ষ স্কোৰিং খেলুৱৈসকলৰ মাজৰ এজন।