২,৬৮৭খন শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বাদ,২৫,১৭০ জন শিক্ষক- কৰ্মচাৰীৰ জীৱন হৈ পৰিছে দুৰ্বিসহ

২,৬৮৭খন শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ বাদ,২৫,১৭০ জন শিক্ষক- কৰ্মচাৰীৰ জীৱন হৈ পৰিছে দুৰ্বিসহ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰ্তমান ২,৬৮৭ খন (প্রাথমিকৰ পৰা কলেজ পৰ্যায়লৈ ) শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ পৰা বাদ পৰি আছে । আনহাতে শিক্ষক – কৰ্মচাৰী সকলৰ ২৫-৩০ বছৰৰ মহান ত্যাগক গুৰুত্ব নিদি কেৱল নীতি-নিয়মক গুৰুত্ব দি সন্নিবিষ্ট কিছুমান ধাৰা-উপধাৰাৰ বাবে ২০১৩ আৰু ২০২১ চনত বহু শিক্ষক – কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰিছে । চৰকাৰৰ এনে অন্যায়ৰ বাবে প্ৰায় ২৫,১৭০ জন শিক্ষক-কর্মচাৰী আৰু তেওঁলোকৰ জীৱন দুর্বিসহ হৈ পাৰিছে।-এই মন্তব্য সদৌ অসম অ-প্ৰাদেশীকৃত শিক্ষক- কৰ্মচাৰী সন্হাৰ সাধাৰণ সম্পাদক হৰমোহন বড়াৰ৷আজি গুৱাহাটী প্ৰেছ ক্লাবত উক্ত সন্হাটোৱে আয়োজন কৰা সংবাদমেলত বড়াই পুনৰ কয়- ইতিমধ্যে চৰকাৰৰ এনে বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ প্ৰায় ৪ শতাধিক শিক্ষাগুৰুৱে সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল’বলগা হৈছে। অন্যহাতে প্রায় এক হাজাৰৰো অধিক শিক্ষকে গোটেই জীৱন বিনাবেতনে মানৱ সম্পদ গঢ়াত নিয়োজিত হৈ চৰকাৰৰ পৰা এটা ফুটাকঢ়ি নোপোৱাকৈ কান্দি কান্দি অৱসৰ গ্ৰহণ কৰিবলগা হৈছে। অতি দুখ আৰু পৰিতাপৰ কথা এই যে বাকী বঞ্চিত শিক্ষক – কৰ্মচাৰী সকলৰো অধিক সংখ্যকৰে বয়স প্রায় ৫০ ৰ উৰ্দ্ধ৷ ২০১৬ চনত বিজেপি দলে নির্বাচনী ইস্তাহাৰত আৰু বৰ্তমানৰ শিক্ষামন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রত্যেকখন নির্বাচনী সভাৰ ভাষণত আমাক আৰু অসমৰ ৰাইজক প্রতিশ্রুতি দিছিল যে বিজেপি দল শাসনলৈ আহিলে মন্ত্রীসভা গঠনৰ ৪৫ দিনৰ ভিতৰত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ কৰি অসমৰ পৰা ভেঞ্চাৰ শব্দটো নোহোৱা কৰিব। বিজেপিৰ প্ৰথম কাৰ্যকালৰ শেষৰ বৰ্ষত প্ৰাদেশিকীকৰণৰ নামত অসমৰ ৰাইজে দান বৰঙনিৰে প্ৰতিষ্ঠা কৰা শিক্ষাষ্ঠানসমূহ ধ্বংস কৰি সেই শিক্ষানুষ্ঠানসমূহত কৰ্মৰত কিছু শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিয়াৰ লগতে কিছু শিক্ষকক অন্যায়ভাৱে বঞ্চিত কৰি অৱশিষ্ট শিক্ষানুষ্ঠানসমূহক শেষৰখন বিধানসভাৰ অধিৱেশনৰ ভাষণত প্ৰাদেশিকীকৰণৰ পুনৰ আশ্বাস দিছিল যদিও বর্তমান এই বিষয়ত সম্পূর্ণ উদাসীন হৈ আছে। আনহাতে শিক্ষামন্ত্রীয়ে ভেঞ্চাৰ হৈ থকা শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি মমৰ দৰে গলি গলি দুর্বিসহ জীৱন যাপন কৰা শিক্ষাগুৰুসকলক শিক্ষকতাৰ বৃত্তি এৰি খেতি, ব্যৱসায়, ৰাজনীতি কৰিবলৈ পৰামৰ্শ দিছে। দূর্ভাগ্যজনকভাৱে ১৭ জুলাইত অসম চৰকাৰ তথা অসম চৰকাৰৰ শিক্ষামন্ত্রীয়ে এখন মাইনুট প্ৰকাশৰ যোগেদি অসমত আৰু শিক্ষানুষ্ঠান প্রাদেশিকীকৰণ কৰা নহ’ব বুলি ঘোষণা কৰা কথাটোৱে আমাৰ অ-প্ৰাদেশীকৃত শিক্ষক কর্মচাৰী সকলক হতাশগ্রস্ত কৰে আৰু এই সিদ্ধান্তৰ প্ৰতিবাদত ৩০ জুলাইত দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে। এই ক্ষেত্ৰত সমগ্ৰ অসমৰ প্ৰশাসনে আমাৰ এই কাৰ্যসূচী ব্যৰ্থ কৰিবলৈ তিনিদিন আগৰ পৰাই শিক্ষক সকলক সর্বতো প্ৰকাৰে বাধা প্ৰদান কৰে। সামন্তৰালভাৱে ২৯ জুলাইত এচিপি হিমাংশু দাসৰ জৰিয়তে আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই সংস্থাৰ সভাপতি আৰু সম্পাদকৰ লগত টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আন্দোলন বেয়া পায় সেয়ে আমাৰ সংস্থাৰ পাঁচ জন বিষয় ববীয়াক আমন্ত্রণ জনাব আৰু আমাৰ সমস্যাসমূহৰ সমাধান কল্পে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ে আমাৰ লগত আলোচনা কৰিব বুলি জনায়। ৩০ জুলাইত চানমাৰিৰ পেঞ্চন ভৱনত অনুস্থিত হোৱা সংস্থাৰ সাধাৰণ সভাত সকলো শিক্ষক কর্মচাৰী সকলে মুখ্যমন্ত্রীৰ এই পৰোক্ষভাৱে জনোৱা আহবানৰ প্ৰতি সহাৰি জনায় উক্ত আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু ১৫ আগষ্টৰ ভিতৰত এই আমন্ত্ৰণ আৰু আলোচনাৰ প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ আহবান জনায়। অপেক্ষাৰ অন্তত পুনৰ ২৩ আগষ্টত এচিপি হিমাংশু দাস, আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তই ফোন যোগে জনাইছে যে চলিত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মুখ্যমন্ত্রীয়ে আমাক মাতিব। কিন্তু এই মুহূৰ্তলৈ আমি সংস্থাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোনো আমন্ত্ৰণী পত্ৰ পোৱা নাই। সেয়ে এই সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্রীক আহবান জনাব বিছাৰিছো যে আমাৰ লগত হ’বলগীয়া আলোচনা আৰু আমাৰ পদসমূহ প্রাদেশিকীকৰণ সম্পৰ্কত এটি ষ্পষ্টিকৰণ আনুষ্ঠানিক হোৱাতো বিচাৰো৷ কিয়নো বিগত ২০-৩০ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা এই দূৰ্ভগীয়া শিক্ষক কর্মচাৰী সকলে একমাত্র তেওঁৰ আনুষ্ঠানিক সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে। ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ আগত তথা কাইলৈৰ ভিতৰত লিখিতভাৱে আমাৰ সমস্যা সমূহৰ সমাধানৰ ক্ষেত্ৰত কোনো সহাৰি নজনাই তেন্তে উক্ত দিনা শিক্ষক দিৱসৰ পৰিৱৰ্তে ’শিক্ষকৰ নিৰ্যাতিতা’ দিৱস পালন কৰা হ’ব৷সংবাদমেলত সন্হাৰ সভাপতি ৰাজু কুলি,সাধাৰণ সম্পাদক পঞ্চম কুমাৰ মিলি আদি উপস্হিত থাকে৷