প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে চিকিৎসকৰ গোচৰ

Pc assam.news18.com

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে চিকিৎসকৰ গোচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   এজন ভাৰতীয়-আমেৰিকান চিকিৎসকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী আৰু উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে দুৰ্নীতি আৰু পেগাচাছ স্পাইৱেৰকে ধৰি কেইবাটাও বিষয়ত গোচৰ ৰুজু কৰিছে। ৰিচমণ্ডস্থিত গেষ্ট্ৰোএণ্টেৰোলজিষ্ট চিকিৎসক ড০ লোকেশ ভুয়ুৰুৰ দ্বাৰা গোচৰ ৰুজু কৰা হৈছে।ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জিলা আদালতে এই সকলো নেতাক চমন জাৰি কৰিছে। কোনো তথ্যপ্ৰমাণ অবিহনে, অন্ধ্ৰ প্ৰদেশৰ পৰা অহা ভাৰতীয়-আমেৰিকান চিকিৎসকজনে অভিযোগ কৰে যে মোদী, ৰেড্ডী আৰু আদানিৰ লগতে আন সকলে আমেৰিকালৈ বৃহৎ নগদ ধন স্থানান্তৰ আৰু ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে পেগাচাছ স্পাইৱেৰ ব্যৱহাৰকে ধৰি দুৰ্নীতিত লিপ্ত হৈ আছে।ৰউল্লেখযোগ্য যে, গোচৰটো ২৪ মে’ত দাখিল কৰা হৈছিল, যাৰ পিছত আদালতে ২২ জুলাইত চমন জাৰি কৰিছিল।৪ আগষ্টত তেওঁলোকক ভাৰতত আৰু ২ আগষ্টত চুইজাৰলেণ্ডৰ শ্বাবক চমন প্ৰদান কৰা হৈছিল।