মাদ্ৰাছাত আকৌ চলিল বুলডজাৰ- ইকবাল হুছেইন

মাদ্ৰাছাত আকৌ চলিল বুলডজাৰ

ইকবাল হুছেইন

মৈৰাবাৰীৰ পিছত এইবাৰ যোগীঘোপা, কাপাইটাৰী মাদ্ৰাছাতো চলিল প্ৰশাসনৰ বুলডজাৰ। কিয় চলোৱা হৈছে বুলডজাৰ সেয়া বোধগম্য নহয় যদিওঁ মাদ্ৰাছাৰ শিক্ষক এজনে জেহাদীৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবেই হেনো ধৰ্মীয় প্ৰতিষ্ঠান অৰ্থাৎ মাদ্ৰাছাত বুলডজাৰ লগাই ভাঙি দিয়া হৈছে, যিটো কেতিয়াওঁ সমৰ্থনযোগ্য নহয়। মাদ্ৰাছাৰ পৰা দৰমহা লৈ শিক্ষকতা কৰা শিক্ষক এজনে যদি কোনো অনৈতিক কাম বা জেহাদীৰ লগত কু-সম্পৰ্ক ৰক্ষা কৰি চলি আহিছে তেন্তে মাদ্ৰাছা নহয় বলকে সেই শিক্ষক গৰাকীহে দোষী। তেনে শিক্ষকক আইনৰ আওতালৈ আনি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। কাৰণ সাম্প্ৰদায়িক সম্প্ৰীতিৰ শান্তিপূৰ্ণ ৰাজ্য অসমত জেহাদীৰ কোনো স্হান থাকিব নোৱাৰে। ইতিমধ্যেই আলফা, এনডিএফবিৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ বাবে আমাৰ সুজলা সুফলা শস্য শ্যামলা সমন্বয়ৰ ৰাজ্যখন বহু পিছুৱাই গ’ল তাৰ মাজতে আকৌ জেহাদীৰ উৎপাত, মইমতালি আৰু সন্ত্ৰাসী কাৰ্যকলাপ সহ্য কৰা মুঠেই উচিত নহয়। সেয়ে আৰাম্ভনিৰ পৰাই জেহাদীক সমূলঞ্চে পুলিয়ে উঘালি পেলাব লাগিব।

মুছলিম বিশ্বত আমি জেহাদীৰ বৰ্বৰতা দেখিছোঁ, কিদৰে সিহঁতে মানুহক তাৰণা, যাতনা দিয়ে। মানৱতাক বুঢ়া আঙুলি দেখুৱাই জেহাদী নামৰ কুখ্যাত সন্ত্রাসবাদীবোৰে মানুহক কেনেকৈ নিৰ্মমভাৱে হত্যা কৰে। ইছলামৰ দোহাই দি তথাকথিত জেহাদী নামৰ কচাইবোৰে কেৱল নিজৰ স্বাৰ্থ সিদ্ধি আৰু ৰাষ্ট্ৰ ক্ষমতা হস্তগত কৰিবলৈ জেহাদৰ দৰে পৱিত্ৰ শব্দৰ অপব্যাখ্যা আৰু অপপ্ৰয়োগ কৰি সিহঁতে শান্তি, মৈত্ৰী তথা ত্যাগেৰে মহিমামণ্ডিত ইছলাম শব্দটোকেই অৰ্থহীন কৰি পেলাইছে। আজি জেহাদী খ্যাত চয়তান বোৰৰ কাৰণে গোটেই বিশ্বতে ইছলাম, ক্বোৰআন আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ) সন্দে, অবিশ্বাসৰ পাত্ৰ হৈ পৰিছে। জেহাদী নামৰ জাহান্নামৰ কীট-পতংগ বোৰক সময় থাকোতেই দমন কৰিব নোৱাৰিলে তেওঁলোকৰ অতপালি আৰু ধপধপনিয়ে বিশ্বৰ লগতে আমাৰ দেশৰো একতা, শান্তি আৰু প্ৰগতিত ব্যাঘাত জন্মিব।

উল্লেখ্য যে, অসমৰ যিসকল ডিজিটেল মাৰ্কা মোল্লা সকলে জেহাদীৰ লগত হলিগলি কৰি ধন ঘটাৰ আহিলা কৰি লৈছে তেনে মোল্লা-মৌলবী, হাফিজ-ক্বাৰী সকলক মুছলমান সমাজে চিনাক্ত কৰি তেওঁলোকক সমজুৱাভাৱে বয়কট কৰাৰ সময় আহি পৰিছে। যাতে এই ধৰণৰ আলিম/উলামাই যুৱপ্ৰজন্মৰ লগতে সমাজক বিপথে পৰিচালিত কৰি জেহাদৰ প্ৰতি আকৃষ্ট কৰিব নোৱাৰে।

আজিৰ অধিকাংশ মোল্লাই হৈছে ডিজিটেল মাৰ্কা। যেনে-তেনে ধৰ্মৰ Certificate এখন পালেই হ’ল, জধে মধে ‘মাদ্ৰাছা বনোৱাত লাগি যায়’। নীতি বহিৰ্ভূতভাৱে মাদ্ৰাছাৰ প্ৰতিষ্ঠা কৰিয়েই চান্দাবাজীত নামি পৰে। আনকি মাদ্ৰাছাৰ কন-কন ছাত্ৰসকলক লগত লৈ অট ৰিক্সাত মাইক এখন লগাই গাৱে-ভূঞে, চহৰে নগৰে ধৰ্মৰ বাণী গাই গাই চান্দা সংগ্ৰহত ব্যস্ত হৈ পৰে। তাৰোপৰি মবাইল ফোনেৰে দেশ-বিদেশৰ ফেচবুকাৰৰ সৈতে বন্ধুত্ব কৰিও নিজে প্ৰতিষ্ঠা কৰা মাদ্ৰাছাৰ নামত চান্দা সংগ্ৰহৰ লিপ্সাও পুহি ৰখা দেখা যায়, মৈৰাবাৰীৰ কাণ্ড তাৰ জলন্ত প্ৰমাণ।

যতে ততে অনুমতিবিহীন ভাৱে গঢ়ি তোলা মাদ্ৰাছাৰ কমিটি বুলি কলে প্ৰতিষ্ঠাতা শিক্ষকজন নিজেই, এয়াই হৈছে ডিজিটেল মাৰ্কা মোল্লা সকলৰ ধান্দা।

আগতে দেখা গৈছিল; মাদ্ৰাছাৰ শিক্ষক সকলে ছাত্ৰসকলক ধৰ্মীয় তথা আধ্যাত্মিকতাৰ শিক্ষা দিয়াৰ লগতে তেওঁলোকক মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল। নৈতিকতা, মূল্যবোধ আৰু দেশমাতৃৰ প্ৰতি প্ৰেম-ভালপোৱাৰ শিক্ষাৰে শিক্ষিত কৰি দেশৰ একো একোজন সু-নাগৰিক হিচাপে গঢ়ি তুলিছিল। সেইবাবেই ভাৰতৰ স্বাধীনতা আন্দোলনত আলিম/উলামা জপিয়াই পৰি পৰাধীনতাৰ গ্লানিৰ পৰা দেশখনক আজাদ কৰিছিল। আচলতে হক্কানী আলিম/উলামা সকলে যি কামকেই কৰিছিল সেয়া নিষ্ঠা, সততা, একাগ্ৰতা, আন্তৰিকতা আৰু ভক্তিৰ ভাৱলৈ কৰিছিল। আমলৰ প্ৰতি আছিল তেওঁলোক সদা সচেষ্ট। ছুন্নাত, নফল, মুস্তাহাব আদিৰ সহিতে পাচ ৱাক্ত নামাজৰ প্ৰতি যত্নবান থকাৰ লগতে মিছা কথা, চোগলখোৰী, পৰনিন্দা, পৰচৰ্চাৰ পৰা নিলগত থাকি হক-হালালৰ প্ৰতিও গুৰুত্ব দিছিল। সেইবাবেই আলিম/উলামা সমাজত সংবর্ধনাৰ পাত্র আছিল। তেওঁলোকে নিশাৰ গভীৰ অন্ধকাৰত ৰোদন-ক্ৰন্দন কৰি আল্লাহ ওচৰত যি বিচাৰিছিল তাকেই লাভ কৰিছিল। কিন্তু আজিৰ একবিংশ শতিকাৰ একাংশ আলিম/উলামা হৈ পৰিছে ডিজিটেল মাৰ্কা। কেৱল টকা আৰু টকা লাগে, লাগিলে যিকোনো উপায় অৱলম্বন কৰি হলেওঁ কেৱল টকা লাগে। ইছলামৰ প্ৰচাৰ-প্ৰসাৰ তথা উত্তৰণৰ বিষয়টো যেন তেওঁলোকৰ কাম্যই নহয়। লাগিলে ইছলাম আৰু পয়গম্বৰ হজৰত মহম্মদ (ছঃ)ৰ কালজয়ী আদৰ্শ ৰসাতলে গলেও যাওঁক। নহলেনো এওঁলোকৰ একাংশৰ বাবে আজি শান্তিৰ ধৰ্ম ইছলাম বাৰে বাৰে অপৰাধৰ কাঠ গঢ়াত কিয় হবলগীয়া হয়নে? অৱশ্যে তাৰ মাজতো আধ্যাত্মিকতাৰ সাগৰত ডুবি থকা অসংখ্যক ভাল, অপেক্ষাৰহিত, সংকীর্ণতাশূন্য তথা খোদাভীৰু আলিম/উলামা এতিয়াওঁ ধৰাৰ বুকুত বিদ্যমান। ইছলাম ধৰ্মীয় বিশ্বাস মতে যেতিয়ালৈকে এজনো প্ৰকৃত আলিম/উলামা ধৰাৰ বুকুত টিকি থাকিব তেতিয়ালৈকে বিশ্ব ভূমণ্ডল অক্ষত অৱস্থাত থাকিব আৰু যিদিনাখনৰ পৰা এজনো হক্কানী-ৰাব্বানী আলিম/উলামা পৃথিৱীত বুকুত নাথাকিব সেইদিনাখনৰ পৰাই মহাপ্ৰলয় আৰম্ভ হ’ব। সেয়ে আলিম/উলামাই তেওঁলোকৰ উপৰত ন্যস্ত দ্বায়িত্ব আৰু ঈশ্বৰৰ প্ৰদত্ত নিয়ামসমূহ সৰোগত কৰি চলা উচিত। তেওঁলোকে সন্ত্রাস ৰূপী জেহাদীৰ লগত প্ৰেম-প্ৰীতি কৰাৰ পৰিৱৰ্তে জেহাদ সমন্ধে ইছলামৰ ধাৰণা কি সেয়া বিশ্বব্যাপী প্ৰচাৰ কৰা উচিত। ধ্ৰুৱ সত্যটোক পাহৰি গলে নহব যে, য’ত ইছলাম আছে ত’ত সন্ত্রাসবাদ নাই আৰু য’ত সন্ত্রাসবাদ আছে ত’ত ইছলাম নাই। ইছলাম হৈছে এটা শান্তিৰ ধৰ্ম, ইয়াত অশান্তি বা সন্ত্রাস সৃষ্টি কৰিব বিচৰা সকলৰ কোনো স্থান নাই। ইছলামে কেতিয়াও হিংসাৰ অনুমতি নিদিয়ে আৰু যিয়ে নিজকে মুছলমান আৰু মহাপুৰুষ হজৰত মহম্মদ (ছঃ)ৰ অনুচৰ বুলি দাবী কৰি কাৰোবাক অন্যায়ভাৱে হত্যা কৰিব পাৰে প্ৰকৃতপক্ষে তেওঁ কদাপি মুছলমান হ’বই নোৱাৰে, বৰঞ্চ সি চইতানৰ অনুচৰহে।

হয়, যিসকলে দৰমহাৰ বিনিময়ত মাদ্ৰাছাত থাকি জেহাদীৰ লগত মিতিৰালি কৰে তেওঁলোকক ফাষ্ট ট্র্যাক আদালৰ জৰিয়তে দ্রুত বিচাৰ কৰিব ফাঁচিকাঠত উলমাব লাগে। কিন্তু দুই এজন অপৰাধী ব্যক্তিৰ ভুলৰ বাবে এটা শিক্ষানুষ্ঠান ভাঙি চূৰমাৰ কৰি দিয়াটো উচিত নহয়। যিয়ে ভুল কৰিছে প্ৰকৃতপক্ষে তেওঁৱেই জগৰীয়া, তাৰ বাবে আন কাৰোবাক অপৰাধী সজাই শাস্তি দিয়াটো সংবিধান তথা ভাৰত ৰাষ্ট্ৰৰ উদাৰতাৰ পৰিপন্থী।