আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ ১ম বৰ্ষপূৰ্তি উদযাপন তালিবানৰ

Pc NDTV.com

আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ ১ম বৰ্ষপূৰ্তি উদযাপন তালিবানৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০ বছৰীয়া যুদ্ধৰ পিছত আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰ কৰাৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কাবুলত তালিবানৰ যোদ্ধাসকলে উদযাপনমূলক আতচবাজী কৰে। আতচবাজীৰ লগতে বহু অঞ্চলত উদযাপনমূলক আকাশী গুলীচালনাও কৰে। তালিবানে ৩১ আগষ্টক “স্বাধীনতা দিৱস” উপলক্ষে ৰাজহুৱা বন্ধ ঘোষণা কৰিছিল। আফগানিস্তানত তালিবানৰ শাসনক এতিয়ালৈকে কোনো দেশেই আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই।