বিত্ত মন্ত্ৰণালয়ৰ কৰ গৱেষণা ইউনিটে জাৰি কৰিছে বিশেষ চাৰ্কুলাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- এইবাৰ নিশ্চিত হোৱা ৰে’লৰ টিকট নাকচ (কেনচেল) কৰিলে আগতকৈ বেছি ধনৰ লোকচান হ’ব।বিত্ত মন্ত্রালয়ে জাৰী কৰা এটা জাননীৰ মতে এনে টিকটতো সামগ্রী আৰু সেৱা কৰ (জি এছ টি) পৰিশোধ কৰিব লাগিব।ৰেʼলৱেক বাতিল মাচুল দিয়াৰ উপৰি চৰকাৰক টিকট বাতিল কৰাৰো কৰ দিব লাগিব।বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা ইউনিটে জাৰি কৰিছে এই চাৰ্কুলাৰ।নিশ্চিত ৰেʼলৰ টিকট বাতিল কৰাৰ উপৰি হোটেলৰ কোঠাৰ ৰিজাৰ্ভেচন বাতিল কৰাৰ ক্ষেত্ৰতো কৰ লোৱা হ’ব।বিত্ত মন্ত্ৰালয়ৰ কৰ গৱেষণা গোটে প্ৰেৰণ কৰা জাননীখনৰ মতে টিকটৰ বুকিং হৈছে এটা ‘চুক্তি’, যাৰ অধীনত সেৱা যোগান ধৰোঁতাই (আই আৰ টি চি/ভাৰতীয় ৰে’লৱে’) গ্ৰাহকক সেৱা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।যেতিয়া গ্ৰাহকে উক্ত টিকট বাতিল কৰে তেতিয়া তেওঁক চুক্তি ভংগ কৰা বুলি গণ্য কৰা হয়।এই চুক্তি ভংগৰ মূল্য হিচাপে ৰেʼলৱেই গ্ৰাহকৰ পৰা ধন আদায় কৰিব।জাননীখনৰ মতে প্রথম শ্রেণী বা এ চি ক’চৰ টিকট বাতিল কৰিলে ৫ শতাংশ জি এছ টি ভৰিব লাগিব, যি হাৰ টিকটত ধাৰ্য কৰা হৈছে।একেদৰেই বিনা পৰিবহণ বা হোটেলতো জি এছ টি পৰিশোধ কৰিব লাগিব।মন্ত্ৰালয়ৰ মতে বাতিলৰ মাচুল হৈছে ‘চুক্তিভংগ’ৰ বাবে দিব লগীয়া ধন, সেয়ে জি এছ টি পৰিশোধ কৰিব লাগিব।এতিয়াৰ পৰা তেনেধৰণৰ বাতিলকৰণত বাতিল মাচুলৰ ৫ শতাংশ জি এছ টি ভৰিব লাগিব।