১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন অসম সন্তান অম্লান বৰগোহাঁইৰ

Pc The Indian express

১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন অসম সন্তান অম্লান বৰগোহাঁইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত অনুষ্ঠিত  ৮৭তম সৰ্বভাৰতীয় ৰে’লৱে এথলেটিকচ প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰি সোণৰ পদক লাভ কৰিছে অসম সন্তান অম্লান বৰগোহাঁয়ে।২৪ বছৰীয়া অম্লানে এতিয়া দুয়োটা স্প্ৰিণ্ট ইভেণ্টতে দেশৰ সৰ্বাধিক দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হৈছে।চলিত বৰ্ষৰ আৰম্ভণিতে ফেডাৰেচন কাপত তেওঁ ২০.৫২ ছেকেণ্ড সময় লৈ পুৰুষৰ ২০০ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। ইয়াৰ পূৰ্বে ১০০ মিটাৰ দৌৰত অমিয় কুমাৰ মালিকে ১০.২৬ সময়েৰে অভিলেখ গঢ়িছিল।  অম্লানৰ প্ৰদৰ্শন  তেওঁৰ পূৰ্বৰ শ্ৰেষ্ঠ সময় ১০.৩৪ ছেকেণ্ডৰ তুলনাত এক বৃহৎ উন্নতি সাধন কৰে। উল্লেখযোগ্য যে অম্লান বৰগোহাঁয়ে ইতিমধ্যে আগন্তুক এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অসম এথলেটিক সন্থাই অম্লান বৰগোহাঁইক শুভেচ্ছা জ্ঞাপন কৰে।