ঢেকীয়াখোৱা বৰনামঘৰত যোৱা ৪৯৪ বছৰে প্ৰজ্বলিত হৈ আছে এগছি বন্তি

Pc The Janambhumi

ঢেকীয়াখোৱা বৰনামঘৰত যোৱা ৪৯৪ বছৰে প্ৰজ্বলিত হৈ আছে এগছি বন্তি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ধৰ্মীয় পীঠসমূহৰ ভিতৰত অন্যতম ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰ।অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ পূবত অৱস্থিত ঢেকীয়াখোৱা বৰনামঘৰ এক ঐতিহাসিক পীঠ।যোৱা ৪৯৪ বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰত জ্বলি আছে এগছি অক্ষয় বন্তি।বন্তিগছি প্ৰজ্বলন কৰা দিনৰ পৰা আজি পৰ্যন্ত প্ৰজ্বলিত হৈ থকাৰ বাবে এই বন্তি গছিক সকলোৱে অক্ষয় বন্তি বুলি অভিহিত কৰে৷ঢেকীয়াখোৱা বৰ নামঘৰ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল।এই বন্তিগছি ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে।যোৱা ৪৯৪ বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰত এইগছি বন্তি জ্বলি আছে।এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ-এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান কৰিছে।জনশ্রুতি অনুসৰি,বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজোত, শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়।ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে।বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে।ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল। আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে।ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে।যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে।তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়।যি ঠাইত গুৰুজনাই ভোজন কৰিছিল,সেই ঠাইত বৰগছৰ তলত খুটি মাৰি মাধৱদেৱে বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে৷মাধৱদেৱে প্ৰজ্বলন কৰি যোৱা সেই বন্তি গছি বৰ্তমানেও জ্বলি আছে৷উল্লেখযোগ্য যে,এই বন্তি গছি এতিয়া ৰূপৰ পাত্ৰত অত্যাধুনিক কাৰিকৰী কৌশল অৱলম্বন কৰি নামঘৰ পৰিচালনা সমিতিয়ে মূল মণিকূটত সংৰক্ষণৰ ব্যৱস্থা কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে এই ঐতিহাসিক বন্তিগছি চাবলৈ ঢেকীয়াখোৱালৈ আহে আৰু আশীৰ্বাদ গ্ৰহণ কৰে।