এছিয়া কাপত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ

Pc The Indian express

এছিয়া কাপত জয়েৰে অভিযান আৰম্ভ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতে এছিয়া কাপত জয়েৰে অভিযান আৰম্ভ কৰিছে।এছিয়া কাপ ২০২২ৰ প্ৰথম খেলখনৰ অন্তিম অভাৰত ১৪৮ ৰাণৰ লক্ষ্য ৰক্ষা কৰি ভাৰতে পাকিস্তানক পাঁচ উইকেটত পৰাস্ত কৰে।  প্ৰথমে বেট ধৰি পাকিস্তানে ১৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৪৭ ৰান সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ ৰিজৱানে সৰ্বাধিক ৪৩ ৰান কৰে। ভাৰতৰ হৈ ভূৱনেশ্বৰ কুমাৰে ৪টা আৰু হাৰ্দিকে ৩টা উইকেট দখল কৰে।প্ৰত্যুত্তৰত ভাৰতে অন্তিম অভাৰত ২টা বল বাকী থকা অৱস্থাত ৫টা উইকেট হেৰুৱাই বিজয়লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজা আৰু হাৰ্দিক পাণ্ডিয়াই শেষৰফালে সুন্দৰ বেটিং কৰে। বুধবাৰে ভাৰত হংকঙৰ মুখামুখি হ’ব।