নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত ‘সহযোগ পত্ৰ’ উন্মোচন

নগাঁও জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত ‘সহযোগ পত্ৰ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অখিল ভাৰতীয় গো ৰক্ষা মহাসংঘৰ উত্তৰাখণ্ডৰ হৰিদ্ৰাৰ জিলাত ২৫ চেপ্তেম্বৰত হ’ৱলগীয়া ৰাষ্ট্ৰীয় অধিৱেশন উপলক্ষে ২৬ আগষ্টত অসম ৰাজ্যিক সমিতিয়ে উত্তৰ পূৰ্বৰ প্ৰভাৰী তথা ৰাষ্ট্ৰীয় মহামন্ত্ৰী তথা উত্তৰ-পুৱৰ প্ৰভাৰী মৃগেন ভাগৱতী, অখিল ভাৰতীয় গো -ৰক্ষা মহাসংঘৰ অসম।ৰাজ্যিক অধ্যক্ষ দ্বীপেন শৰ্মা, নগাঁও -মৰিগাঁও -হোজাই -কাৰ্বি আংলং জিলাৰ সমন্বয়ক মাম্পু মজুমদাৰৰ উপস্থিতিত নগাওঁ জিলা সমিতিৰ মুখ্য কাৰ্যালয়ত “সহযোগ পত্ৰ “উন্মোচন কৰে৷ উল্লেখযোগ্য যে অখিল ভাৰতীয় গো-ৰক্ষা মহাসংঘৰ অসম ৰাজ্যিক সাধাৰণ সম্পাদক কুসুম শৰ্মাই আঁত ধৰা অনুষ্ঠানত ৰাজ্যখনত সঘনে হৈ থকা গো ধনৰ অবৈধ ব্যৱসায়, গো হত্যা আৰু গো মাংসৰ অবৈধ বেহাৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰে লগতে এই ক্ষেত্ৰত চৰকাৰক বিহীত ব্যবস্থা লবলৈ দাবী উত্থাপন কৰে। আনহাতে সংঘৰ এই বিশেষ সভাত উপস্থিত থাকি গো ৰক্ষাৰ হকে কাম কৰি যোৱাৰ অ্ঙ্গীকাৰ কৰে নগাঁও- মৰিগাঁও কাৰ্বি আংলং আৰু হোজাই জিলাৰ কৰ্মকর্তা সকলে।