অসম জাতীয় পৰিষদৰ আৰ্থ সামাজিক-উন্নয়ন সন্দৰ্ভত সভা

অসম জাতীয় পৰিষদৰ আৰ্থ সামাজিক-উন্নয়ন সন্দৰ্ভত সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ আৰ্থ-সামাজিক আৰু উন্নয়ন উপদেষ্টা পৰিষদৰ সৈতে দলৰ বিষয়ববীয়াসকলৰ এখন বৈঠক গুৱাহাটীৰ হোটেল গে’টৱে’ গ্ৰেন্ডৱেৰত অনুষ্ঠিত হৈ যায়৷ পৰিষদৰ অধ্যক্ষ তথা বিশিষ্ঠ অৰ্থনীতিবিদ, প্ৰাক্তন ৰাষ্ট্ৰদূত ড° জৈমিনি ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালৰ প্ৰাক্তন উপাচাৰ্য ড° অলক বুঢ়াগোঁহাই, নাবাৰ্ডৰ প্ৰাক্তন মহাপ্ৰৱন্ধক হৰেন্দ্ৰ নাথ ভূঞা, নীপকোৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক প্ৰদীপ কুমাৰ সিনহাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশেষজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, দুই মুখ্য উপদেষ্টা বসন্ত ডেকা আৰু ড° কৃষ্ণগোপাল ভট্টাচাৰ্যকে ধৰি দলৰ কেইবাগৰাকী শীৰ্ষ নেতা তথা ভাতৃ-ভগ্নী সংগঠনৰ মুৰব্বীয়ে বৈঠকত অংশগ্ৰহণ কৰে৷ আজিৰ বৈঠকত ৰাজ্যৰ আৰ্থ-সামাজিক ভৱিষ্যত আৰু উন্নয়নৰ দিশসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত দলৰ স্থিতি আৰু দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰা হয়৷