পাকিস্তানত বানপানীৰ ফলত ৯৩০ জনৰো অধিক লোকৰ মৃত্যু 

Pc assam.news18.com

পাকিস্তানত বানপানীৰ ফলত ৯৩০ জনৰো অধিক লোকৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা-  পাকিস্তান চৰকাৰে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে । কিয়নো পাকিস্তানত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ৩৪৩ গৰাকী শিশুসহ ৯৩৭ ৰো অধিক লোকৰ মৃত্যু হৈছে।জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বেৰী ৰেহমানে কয়, “প্ৰায় ৩০ নিযুত লোক আশ্ৰয়বিহীন, তেওঁলোকৰ হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে আৰু খাদ্য নাই।” ধাৰাসাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানপানীয়ে দেশৰ বিভিন্ন অঞ্চলৰ দলং আৰু যোগাযোগৰ আন্তঃগাঁথনি উটি গৈছে বুলি তেওঁ কয়।