১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

pc- assambidhansabha.org

১২ ছেপ্টেম্বৰৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-   পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশন অহা ১২ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব৷ অসম বিধান সভা সচিবালয়ে নিৰ্ধাৰণ কৰা দিনপঞ্জী অনুসৰি ১২ ছেপ্টেম্বৰ, সোমবাৰৰ চৰকাৰী কাৰ্যসূচীত থাকিব মৃত্যু প্ৰসঙ্গ, প্ৰশ্ন শিতান, অধ্যক্ষই অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা, অধ্যক্ষই অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী ৯(১) নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম ঘোষণা, অধ্যাদেশ দাখিল, প্ৰতিবেদন উপস্থাপন, চৰকাৰৰ বিভিন্ন সমিতি, পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্ৰস্তাৱ, ২০২২-২৩ চনৰ পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আৰু চৰকাৰী বিধেয়কসমূহউপস্থাপন৷ ১৩ ছেপ্টেম্বৰ, মঙ্গলবাৰে, বে- চৰকাৰী সদস্যৰ কাৰ্যসূচী অনুসৰি প্ৰশ্নসমূহ, সদ্যসৰ সময়, বিধেয়ক দাখিল, সংকল্প প্ৰস্তাৱ, বিশেষ প্ৰস্তাৱ আদি৷ ১৪ ছেপ্টেম্বৰ, বুধবাৰ চৰকাৰী বন্ধ৷ ১৫ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে চৰকাৰী কাৰ্যসূচীত থাকিব প্ৰশ্নসমূহ, ২০২২-২৩ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ ওপৰত ভোটদান আৰু ২০২২ চনৰ অসম বিনিয়োজন [নং III] বিধেয়কসমূহউপস্থাপন, বিবেচনা তথা পাৰিতকৰণ৷ ১৬ ছেপ্টেম্বৰ, শুক্ৰবাৰে চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ আৰু চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ আদি৷ ১৭ ছেপ্টেম্বৰ জিৰণি আৰু ১৮ ছেপ্টেম্বৰ ৰবিবাৰ বন্ধ৷ ১৯ ছেপ্টেম্বৰ, সোমবাৰে অন্তিমদিনৰ চৰকাৰী কাৰ্যসূচীত আছে প্ৰশ্নসমূহ, চৰকাৰী বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ, যিকোনো অসমাপ্ত চৰকাৰী কাৰ্যসূচী আৰু সদন স্থগন৷