পাকিস্তানলৈ ব্ৰাহ্মছ মিছাইল ভুলকৈ নিক্ষেপ কৰাৰ অভিযোগত বায়ুসেনাৰ তিনিজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

Pc The Janambhumi

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত বৰ্ষৰ মাৰ্চ মাহত পাকিস্তানলৈ ব্ৰাহ্মছ মিছাইল ভুলকৈ নিক্ষেপ কৰাৰ বাবে বায়ুসেনাৰ তিনিজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। এই কথা প্ৰকাশ কৰিছে চৰকাৰে। বায়ুসেনাৰ এক বিবৃতি অনুসৰি ২০২২ চনৰ ৯ মাৰ্চত ভুলবশতঃ এটা ব্ৰাহ্মছ মিছাইল নিক্ষেপ কৰা হৈছিল। ঘটনাটোৰ দায়িত্ব নিৰ্ধাৰণকে ধৰি বিষয়টোৰ তদন্তৰ বাবে গঠন কৰা আদালতে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া উলংঘনেৰে কৰি দুৰ্ঘটনাক্ৰমে নিক্ষেপণত তিনিজন বিষয়া জড়িত আছিল।বায়ুসেনাৰ তিনিজন বিষয়াক এই ঘটনাটোৰ বাবে মুখ্যতঃ দোষী হিচাপে পোৱা গৈছিল। ইয়াৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিক প্ৰভাৱৰ সৈতে তেওঁলোকৰ সেৱা সমূহ বাতিল কৰে। জানিব পৰা মতে, ২৩ আগষ্ট, ২০২২ত বিষয়াসকলক বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ দিয়া হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘটনাটোক অতি দুখজনক বুলি বৰ্ণনা কৰাৰ লগতে এই ঘটনাত কাৰিকৰী ত্ৰুটিক দোষাৰোপ কৰিছিল।