মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ নগাবন্ধা গাওঁ পঞ্চায়তত 14th Financeত ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ

মৰিগাঁও জিলাৰ লাহৰিঘাট উন্নয়ন খণ্ডৰ নগাবন্ধা গাওঁ পঞ্চায়তত 14th Financeত ভয়ঙ্কৰ দুৰ্নীতিৰ অভিযোগ

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-   দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলৈই গুণ্ডা বাহিনী লগাই স্থানীয় ৰাইজক মাৰপিট কৰিবলৈ লগাই দিয়ে চাওক এক দৃশ্য কি দৰে সভানেত্ৰীৰ স্বামীয়ে নিজে গুণ্ডা বাহিনী লগত লৈ সাংবাদিকৰ কেমেৰাৰ সন্মুখতে ৰাইজক আক্ৰমণ কৰিবলৈ খেদি আহে । নগাবন্দা গাঁও পঞ্চায়তৰ 14 ফাইনেন্সৰ কেইবাটাও কামত বিয়াগোম দুৰ্নীতি সংঘটিত কৰি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে ৷ 14 ফাইনেন্সৰ 2018/19 বৰ্ষৰ কেইবাটাও আঁচনি ষ্ট্ৰিট লাইট ভেটেৰিনেৰী হস্পিটেল সমবায় সমিতিৰ গেইট বাউণ্ডাৰী ৱালকে ধৰি বহু কেইটা আঁচনিত সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে মিলি সংঘটিত কৰিছে ব্যাপক দুৰ্নীতি । অসম্পূৰ্ণ হৈ আছে বিভিন্ন ধৰনৰ কাম ৷ অভিযোগ স্থানীয় ৰাইজৰ অভিযোগ কাম নকৰাকৈয়ে আত্মসাত কৰিছে আঁচনিৰ ধনসমূহ ৷ স্থানীয় ৰাইজে মৰিগাঁও জিলা প্ৰশাসনক লিখিত অভিযোগ দিয়াৰ পাছতো কোনো ধৰনৰ ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ । অসমৰ মুখ্যমন্ত্ৰী মহোদ্য়ৰ হস্থক্ষেপ বিচাৰিছে স্থানীয় ৰাইজে । এয়া মাত্ৰ এক উদাহৰণ হে …..পৰবৰ্তী প্ৰতিবেদনত নাগাবান্দা গাঁও পঞ্চায়তটিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি আৰু অধিক তথ্য সহকাৰে ফাদিল কৰা হব।