কোনো ঈশ্বৰ ব্ৰাহ্মণ নহয় দেৱতাসকল উচ্চ বৰ্ণৰ পৰা অহা নাই

Pc The Janambhumi

কোনো ঈশ্বৰ ব্ৰাহ্মণ নহয় দেৱতাসকল উচ্চ বৰ্ণৰ পৰা অহা নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  নৃতাত্ত্বিকভাৱে কোনো ঈশ্বৰ ব্ৰাহ্মণ নহয়।সৰ্বোচ্চ হৈছে ক্ষত্ৰিয়।ভগৱান শিৱ অনুসূচীত জাতি/জনজাতিৰ হ’ব পাৰে।দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুৰী পণ্ডিতৰ এক মন্তব্যক লৈ সৃষ্টি হৈছে বিতৰ্কৰ।উপাচাৰ্য শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে কোনো ঈশ্বৰ ব্ৰাহ্মণ নহয় বুলি উল্লেখ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে।ৰাজস্থানত এজন ন বছৰীয়া দলিত লৰা হত্যাক লৈ শেহতীয়াকৈ হোৱা জাতিগত হিংসা সন্দৰ্ভত মন্তব্য কৰিছিল শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে।আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ দ্বাৰা আয়োজিত এক কাৰ্যসূচীত ভাষণ দি শান্তিশ্ৰী ধুলিপুড়ি পণ্ডিতে কয় যে,”নৃতাত্ত্বিকভাৱে’ দেৱতাসকল উচ্চ বৰ্ণৰ নহয় আৰু আনকি ভগৱান শিৱও অনুসূচীত জাতি বা অনুসূচীত জনজাতিৰ হ’ব পাৰে।মই সকলো মহিলাক কওঁ যে মনুস্মৃতি অনুসৰি সকলো মহিলাই শুদ্ৰ যাতে কোনো মহিলাই দাবী কৰিব নোৱাৰে যে তেওঁ এগৰাকী ব্ৰাহ্মণ বা আন কিবা আৰু বিবাহৰ দ্বাৰাহে আপুনি স্বামী বা পিতৃৰ জাতি আপোনাৰ ওপৰত লাভ কৰে।মই ভাবো এইটো এনেকুৱা এটা বস্তু যিটো অসাধাৰণভাৱে প্ৰতিক্ৰিয়াশীল”।তেওঁ লগতে কয় যে,””নৃতাত্ত্বিকভাৱে” ভগৱান জগন্নাথৰ জনজাতীয় উৎপত্তি আছে।নৃতাত্ত্বিকভাৱে দেৱতাসকল উচ্চ বৰ্ণৰ পৰা অহা নাই।হিন্দু ধৰ্ম এটা ধৰ্ম নহয় ই জীৱনৰ এটা উপায় আৰু যদি এইটো জীৱনৰ পথ হয় তেন্তে আমি সমালোচনাক কিয় ভয় কৰোঁ।উল্লেখযোগ্য যে,শান্তিশ্ৰীয়ে ‘ড০ বি আৰ আম্বেডকাৰ্ছ থটছ অন জেণ্ডাৰ জাষ্টিচ : ডিকোডিং দ্য ইউনিফৰ্ম ছিভিল কোড’ত লেকচাৰ ছিৰিজত ভাষণ দিছিল।